জাহাংগীৰ হুছেইনক হত্যা কৰি সু
লখিমপুৰত বৰ্তমানেও বাহৰ পাতি আছে কেন্দ্ৰীয় ফৰেনচিকৰ এটা দল ৷ হায়দাৰাবাদ ফৰেণচিকৰ দায়িত্বত থকা কেশৱ কুমাৰ আৰু আশা শ্ৰীবাস্তৱে সকলোখিনি নিৰীক্ষণ কৰি আছে ৷ সুনীল গগৈৰ পত্নী, পুত্ৰসহ আন চাৰিজন ব্যক্তিক চাইক’লজিকেলী জেৰা চলাইছে CIDএ৷ ইয়াৰে এজন ব্যক্তিৰ ভাষ্যত উমান পাইছিল যে সুনীলে জাহাংগীৰক হত্যাৰ পৰিকল্পনা কৰিছিল ৷
তদন্তকাৰী বিষয়াৰ সন্দেহ সুনীল গগৈয়ে সু-পৰিকল্পিতভাৱে হত্যা কৰি আত্মগোপন কৰিছে ৷ সুনীল গগৈৰ পুত্ৰৰ ম’বাইল ফোনৰ কেতবোৰ তথ্যও নীৰিক্ষণ কৰিছে CIDয়ে ৷ হত্যাকাণ্ডৰ দিনা নিশা ধেমাজিৰ ফালে ধৰা পৰিছিল সুনীল গগৈৰ মবাইলৰ Internet Protocol Detail Record (IPDR) ৷ যাৰ বাবে CID কিছু পৰিমাণে নিশ্চিত যে সুনীল কোনো এক স্থানত আছে ৷ সুনীল গগৈৰ হাতত বহু পৰিমানৰ নগদ ধন থকাৰো সন্দেহ কৰিছে চি আই ডিয়ে ৷
সুনীল গগৈক একাংশ ঠিকাদাৰে মৃত্যুৰ ভাবুকি দিয়া বুলি হোৱা পৰিকল্পিত কথোপকথনৰ বহুকেইটা ৰেকৰ্ডিং আহিছে পোহৰলৈ ৷ কিন্তু ইয়াৰ মাজতে জেঠেৰীয়েক বিবিধ গগৈৰ এক ভাষ্যই পুনৰ জোকাৰণি তুলিছে ৷ বিবিধ গগৈৰ স্বীকাৰোক্তিত হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনটোত আহিছিল এখন ক’লা ৰঙৰ সন্দেহজনক গাড়ী ৷
মাজনিশা সাপতিয়াৰ পৰা ওলাই যোৱা পথত বিবিধ গগৈয়ে লগ পাইছিল সন্দেহজনক গাড়ীখন ৷ গাড়ীখনৰ চালকে বিবিধ গগৈক ঢকুৱাখনালৈ কোন দিশে যায় সুধিছিল ৷ প্ৰশ্ন হয় গাড়ীখনত থকা কেইবাজনো লোকৰ ভিতৰত আছিল নেকি সুনীল গগৈ? নে তৃতীয় পক্ষই জাহাংগীৰক হত্যা কৰি অপহৰণ কৰি লৈ গৈছিল সুনীলক? এই প্ৰশ্ন সমুহৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে আৰক্ষী আৰু CIDএ ৷
.jpg)