Doda Encounter : জম্মু-কাশ্মীৰৰ ডোডাত সন্ত্ৰাসবাদীৰে প্ৰচণ্ড সংঘৰ্ষ, এজন সেনা বিষয়াসহ তিনিজন জোৱান শ্বহীদ



জম্মু-কাস্মীৰৰ ডোডা জিলাত সোমবাৰে নিশা সন্ত্ৰাসবাদীৰ সৈতে সেনাৰ সংঘৰ্ষ। এই সংঘৰ্ষত সেনাৰ এজন বিষয়াৰ লগতে তিনিজন জোৱান শ্বহীদ হয়। সোমবাৰে নিশা হোৱা সংঘৰ্ষত আহত হয় এজন সেনা বিষয়াৰ লগতে তিনিজন জোৱান। তেওঁলোকক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও হাস্পতালত মৃত্যুক আঁকোৱালি লয়।

ভাৰতীয় সেনাৰ লগতে জম্মু-কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অপাৰেচন গ্ৰুপে (এছঅ’জি) যৌথভাৱে সোমবাৰে সন্ধিয়া ডোডা জিলাৰ দেশা জংগল অঞ্চলত তালাচী অভিযান চলাইছিল। এজন আৰক্ষী বিষয়াই জনায়, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা হৈছিল এই অভিযান। সেই অঞ্চলত সন্ত্ৰাসবাদীৰ দল লুকাই থকাৰ খবৰ আছিল।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, তালাচী অভিযানৰ সময়ত অতৰ্কিতে সেনা বাহিনীৰ দিশে ধাৰাসাৰ গুলীবৰ্ষণ কৰা হয়। প্ৰত্যুত্তৰ দিয়ে সেনা বাহিনীয়েও। দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীচালনা হয়। ২০ মিনিটৰো অধিক সময় ধৰি চলে এই গুলীচালনাৰ ঘটনা। সেই সময়তে সন্ত্ৰাসবাদীৰ গুলীত এজন বিষয়াসহ তিনিজন জোৱান আহত হয়। লগতে এজন আৰক্ষীৰ দেহতো গুলী লগা বুলি খবৰ প্ৰকাশ পাইছে।

সেনাৰ ‘হোৱাইট নাইট ক’ৰ’ হিচাপে পৰিচিত ১৬ ক’ৰে ছচিয়েল মিডিয়া ছাইট এক্সত পোষ্ট কৰি জনাইছে, ‘‘অঞ্চলটোলৈ অতিৰিক্ত সেনা বাহিনী প্ৰেৰণ কৰা হৈছে। অভিযান অব্যাহত আছে।’’ লগতে লিখিছে, ‘চোৰাংচোৱাৰ তথ্যৰ আধাৰত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ডোডাৰ উত্তৰ অঞ্চলত এক যৌথ অভিযান চলাইছিল। নিশা প্ৰায় ৯ বজাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ হয়। ’’

Post a Comment

Previous Post Next Post