২৭ জুলাইৰ পৰাশ্ৰী লংকাৰ বিৰুদ্ধে আৰম্ভ ভাৰতৰ টি-২০ শৃংখলা। শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে ৩খন টি-২০ আৰু ৩খন এদিনীয়া মেচ খেলিব। কিন্তু ভাৰতৰ শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে আহিল বেয়া খবৰ। পত্নী আৰু সন্তানৰ সন্মুখতে অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ ধমিকা নিৰোশনাক।
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, মঙলবাৰে নিশা তেওঁৰ আম্বালাংগোডা ঘৰত এজন অচিনাকি ব্যক্তিয়ে গুলীয়াই হত্যা কৰে প্ৰাক্তন শ্ৰীলংকাৰ ক্ৰিকেটাৰ। খবৰ অনুসৰি এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁৰ পত্নী আৰু দুটা সন্তান তেওঁৰ সন্মুখত আছিল। কিন্তু বৰ্তমানেও আৰক্ষীয়ে কোন সুংসূত্ৰ লাভ কৰা নাই অচিনাক্ত দুৰ্বৃত্তৰ। শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক কিয় হঠাতে হত্যা কৰা হ’ল সেই সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও তদন্ত কৰি আছে।
ক্ৰিকেট কেৰিয়াৰত সোঁহাতৰ বেগী ব’লাৰ আছিল নিৰোশনা। সোঁহতীয়া ব’লাৰৰ লগতে, বেটিঙতো গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল নিৰোশনাই। ২০০১ চনৰ পৰা ২০০৪ চনলৈ তেওঁ মুঠ ১২খন প্ৰথম শ্ৰেণীৰ মেচ আৰু ৮খন লিষ্ট এ মেচ খেলিছিল নিৰোশনাই। নিৰোশনাই মুঠ ৩০০ ৰাণ কৰাৰ লগতে ১৯টা উইকেট দখল কৰিছিল।
২০০০ চনত শ্ৰীলংকাৰ ১৯ বছৰ অনুৰ্ধ দলৰ হৈ অভিষেক ঘটিছিল নিৰোশনাৰ। ইয়াৰ উপৰিও নিৰোশনাই এদিনীয়া ক্ৰিকেট আৰু টেষ্টো খেলিছিল। কেৱল সেয়াই নহয়, শ্ৰীলংকাৰ ১৯ বছৰ অনুৰ্ধ দলৰ অধিনায়ক আছিল নিৰোশনা। ফাৰভিজ মাহাৰুফ, এঞ্জেলো মেথিউছ, উপুল থাৰংগাৰ দৰে শ্ৰীলংকাৰ আগশাৰীৰ ক্ৰিকেটাৰে তেওঁৰ অধিনায়কত্বত শ্ৰীলংকাৰ হৈ খেলিছিল।
.jpg)