উত্তৰ প্ৰদেশত দুৰ্ঘটনাত পতিত ডিব্ৰুগড় এক্সপ্ৰেছ, লাইনচ্যুত ১২টাকৈ ডবা


 

উত্তৰ প্ৰদেশৰ গোণ্ডাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত ১৫৯০৪ নং ডিব্ৰুগড় এক্সপ্ৰেছ। চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল ৰে’লখন। ৰে’লখনৰ ১০ৰ পৰা ১২টাকৈ ডবা লাইনচ্যুত হোৱাৰ খবৰ লাভ কৰা গৈছে। লক্ষ্ণৌ সংমণ্ডলৰ গোণ্ডা আৰু মানকপুৰ ষ্টেশ্যনৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা। এতিয়ালৈকে দুজন লোকৰ মৃত্যুৰ আশংকা কৰা গৈছে। এতিয়ালৈকে ৰে’ল দুৰ্ঘটনাৰ অধিক তথ্য লাভ কৰা হোৱা নাই।


দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে। আৰু উদ্ধাৰ অভিযানৰ বাবে সকলো ব্যৱস্থা ল’বলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে।ৰে’লখন দুৰ্ঘটনাত পতিত হোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Post a Comment

Previous Post Next Post