পুনৰ অপৰাধীলৈ আৰক্ষীৰ গুলী! নলবাৰীত কেনকৈ গুলীবিদ্ধ হ’ল ডকাইত হামিদ আলী?



নলবাৰীৰ মুকালমুৱাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। নলবাৰীত আজি গৰজিল আৰক্ষীৰ বন্দুক। মুকালমুৱাৰ ডকাইতি কাণ্ডৰে জড়িত দুৰ্ধৰ্ষ ডকাইত হামিদ আলীয়ে পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে কৰে গুলীচালনা। সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হামিদ আলী । নলবাৰীত সংঘটিত এনকাউন্টাৰ সন্দৰ্ভত দেওবাৰে পুৱা ডিআইজিপি ইন্দ্ৰাণী বৰুৱা আৰু আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে সম্বোধন কৰে এখন সংবাদ মেল।


সংবাদমেলত আৰক্ষী বিষয়াই স্পষ্ট কৰিলে এনকাউন্টাৰৰ ঘটনা। আৰক্ষীৰ জিম্মাত থকা দুৰ্ধৰ্ষ ডকাইতটোলৈ লক্ষ্য কৰি নিশা আৰক্ষীয়ে চলাইছিল গুলী৷ মুকালমুৱা আৰক্ষীৰ জিম্মাত থকা দুৰ্ধৰ্ষ ডকাইত হামিদ আলীক কৰা হৈছিল এনকাউন্টাৰ। নিশা চলা অভিযানত আৰক্ষীৰ জিম্মাৰ পৰা হামিদ আলীয়ে পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে চলাইছিল গুলী। আৰু তেতিয়াই ডকাইত হামিদৰ সোঁ ভৰিত লাগিছিল গুলী। এই ঘটনাত আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শক আৰু এগৰাকী কনিষ্টবল আহত হৈছে।

উল্লেখযোগ্য যে দুদিন পূৰ্বে মুকালমুৱাৰ ৰামপুৰত ব্যৱসায়ীক গুলী চলাই হামিদ আলীসহ তিনি ডকাইতে লুটিছিল প্ৰায় ১০ লক্ষাধিক টকা ৷ শনিবাৰে মুকালমুৱা আৰক্ষীয়ে হামিদ আলীসহ দুটা ডকাইতক গ্ৰেপ্তাৰ কৰি এটা পিষ্টল আৰু ডকাইতি কাৰ্যত ব্যৱহৃত বাইক এখন জব্দ কৰিছিল। ধৃত কংকণ ডেকা নামৰ এজন যুৱক পূৰ্বেও জড়িত আছিল ডকাইতি কেছত।

Post a Comment

Previous Post Next Post