সমস্যাই লগ এৰা নাই ৰাজ্যিক বিজেপিক ৷ বিজেপিৰ ভিতৰ চ’ৰাত এটাৰ পিছত আনটো সমস্যা ৷ ন-ন সমস্যাত জৰ্জৰিত ৰাজ্যিক বিজেপি ৷ এটা সমস্যা শেষ হোৱাৰ আগতে আৰম্ভ হয় আন এক সমস্যা ৷ ৰাজ্যিক বিজেপি নেতাৰ খং, ক্ষোভ, অসন্তুষ্টিৰ মাজত এইবাৰ আন এক সংকট মোচনৰ যুঁজ ৷ ৰাজ্যৰ বিজেপি দখলত থকা কেইবাখনো পৌৰসভাত বিসম্বাদ ,অনাস্থা ৷ বিসম্বাদ, অনাস্থাৰ তালিকাত তিনিচুকীয়া, বিহপুৰীয়া, লখিমপুৰ, সৰ্থেবাৰী, বিলাসীপাৰা, তেজপুৰ আৰু হাইলাকান্দি পৌৰ সভা ৷
দীৰ্ঘদিনৰ পৰা বিসম্বাদৰ চলি থকা এই পৌৰসমূহ পৌৰসভাক শনিবাৰে জৰুৰীভাৱে তলব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ সভাপতি ভৱেশ কলিতাৰ সতে বৈঠকত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু ৷
উল্লেখ্য যে এই বৈঠকৰ সময়ত প্ৰতিখন পৌৰ সভাৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয় ৰাজ্যিক বিজেপিৰ নেতৃত্ব ৷ পিছে, দীৰ্ঘ সময়ে যদিওৱা বৈঠকত মিলিত হ’ল তথাপি পিছে বহু কেইখন পৌৰসভাৰ খং, অভিযোগ প্ৰতিশম কৰিব নোৱাৰিলে ৰাজ্যিক বিজেপি নেতৃত্ব ৷ ইমানে নহয় বিজেপিৰ আভ্যন্তৰণত আৰম্ভ হোৱা এনে খাম-খিয়ালিক লৈ সংবাদ মাধ্যমত সন্মুখত মন্তব্য কৰাৰ পৰা বিৰত থাকিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷এতিয়া প্ৰশ্ন হৈছে এটাৰ পাছত আনটো সমস্যা জৰ্জৰিত বিজেপিৰ এই নতুন সমস্যা এতিয়া প্ৰতিশম কৰিবলৈ সক্ষম হ’ব ৰাজ্যিক বিজেপিৰ সভাপতিয়ে?
.jpg)