পুনৰ অপৰাধীলৈ আৰক্ষীৰ গুলী। এইবাৰ নলবাৰীত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। নলবাৰীৰ মুকালমুৱাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডত জড়িত হামিদ আলী পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলী। গুলীবিদ্ধ হামিদ আলীক ইতিমধ্যে GMCH লৈ প্ৰেৰণ কৰা হৈছে। মুকালমুৱাৰ ডকাইতি কাণ্ডৰ লগত জড়িত মুকালমুৱাৰ বুল্লুটপাৰৰ হামিদ আলী।
কি হৈছিল নলবাৰীৰ মুকালমুৱাত?
শুকুৰবাৰে সন্ধিয়া মুকালমুৱাত ব্যৱসায়ীক গুলীয়াইছিল দুৰ্বৃত্তই। ব্যৱসায়ী জাকিৰ আলিক বাওঁ ভৰিত গুলীয়াই ১০ লাখ লুটি লৈ গৈছিল অচিনাক্ত দুৰ্বৃত্তৰ দলে। বাওঁ ভৰিত গুলী লগাত পথৰ ওপৰত বাগৰি পৰিছিল জাকিৰ আলী। তেতিয়াই জাকিৰ আলীৰ লগত থকা টকা -দোকানৰ সামগ্ৰী সকলো লুটি লৈ গৈছিল ডকাইতৰ দলটোৱে। জোতা চেন্দেলৰ ব্যৱসায়ী জাকিৰ আলিক বাইকত অহা দুৰ্বৃত্তই গুলীয়াই ১০ লাখ টকা লুটি লৈ গৈছিল। ব্যৱসায়ী জাকিৰ আলীৰ ঘৰ বৰপেটা জিলাৰ চতলাত।
.jpg)