Israel Strikes Yemen: ১৮০০ কিলোমিটাৰ অতিক্ৰমী ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ


 

ইজৰাইলৰ ৰাজধানী টেল আভিভত হুথি বিদ্ৰোহীৰ ড্ৰোণ আক্ৰমণৰ পাচতে জ্বলিছে সমগ্ৰ মধ্যপ্ৰাচ্য। হুথি বিদ্ৰোহীৰ ড্ৰোণ আক্ৰমণৰ পাছতে ইজৰাইলে য়েমেনত সংঘটিত কৰিছে ভয়ংকৰ আক্ৰমণ। হুথি বিদ্ৰোহী নিয়ন্ত্ৰিত য়েমেনৰ লোহিত সাগৰৰ পাৰত থকা হোদেইদা বন্দৰত ইজৰাইলে বিমান আক্ৰমণ কৰে। ইজৰাইলৰ এই আক্ৰমণত নিহত ৩জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৮০গৰাকীৰো অধিক লোক।

ইজৰাইল আৰু পেলেষ্টাইন যুদ্ধৰ মাজত অনুপ্ৰৱেশ কৰি হুথি বিদ্ৰোহীয়ে হামাছক সমৰ্থন কৰি আহিছিল। আনকি হুথি বিদ্ৰোহীয়ে লোহিত সাগৰেদি পাৰ হৈ যোৱা কেইবাখনো ইজৰাইলৰ জাহাজতো আক্ৰমণ চলাইছিল। শুকুৰবাৰে হুথি বিদ্ৰোহীয়ে ইজৰাইলৰ ৰাজধানী টেল আভিভত শ শ ড্ৰোণেৰে আক্ৰমণ চলাইছিল। তাৰ এদিন পাছতে অৰ্থাৎ শনিবাৰে সন্ধিয়া ইজৰাইলৰ প্ৰতিশোধ ল’বলৈ য়েমেনৰ লোহিত সাগৰৰ পাৰত থকা অন্যতম কেন্দ্ৰ হোদেইদা বন্দৰত বিমান আক্ৰমণ চলায়। বন্দৰৰ লগতে য়েমেনৰ ছানাত হুথি বিদ্ৰোহী পৰিচালিত এটা বিদ্যুত কেন্দ্ৰ আৰু তেল ভাণ্ডাৰত আক্ৰমণ কৰে।

উল্লেখ্য যে, সমগ্ৰ অঞ্চলটো হুথি বিদ্ৰোহীৰ নিয়ন্ত্ৰিত আৰু পৰিচালিত। ইফালে ইজৰাইলে প্ৰকাশ কৰিছে যে হুথি বিদ্ৰোহীয়ে ৯ মাহ ধৰি ইজৰাইলৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰি আহিছে। ইয়াৰ পাচতে প্ৰায় ১হাজাৰ ৮০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি শনিবাৰে ইজৰাইলৰ বায়ুসেনা বাহিনীৰ বিমানে ব্যাপক আক্ৰমণ চলায় য়েমেনত। ইজৰাইলৰ ছিক্ৰেট ক’ড কি?

শনিবাৰে ইজৰাইলে য়েমেনত চলোৱা অভিযানৰ বাবে ব্যৱহাৰ কৰিছিল আউটষ্ট্ৰেচড আৰ্ম (Outstretched Arm) নামৰ বিশেষ ক’ড। ইজৰাইল ডিফেঞ্চ ফৰ্চে প্ৰকাশ কৰে যে, প্ৰয়োজন হ’লে ইজৰাইলে যিকোনো বিশ্বৰ যিকোনো স্থানতে আক্ৰমণ চলাবলৈ সক্ষম আৰু সষ্টম। ইজৰাইলক আঘাত হানিবলৈ চেষ্টা কৰা শত্ৰুক শিক্ষা দিবলৈ ইজৰাইল সদা সষ্টম।

উল্লেখ্য যে, হুথি বিদ্ৰোহীয়ে ইজৰাইলক ২০০বাৰতকৈ অধিক আক্ৰমণ চলাইছে এতিয়ালৈকে। ইজৰাইলী নাগৰিকক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে যিকোনো মূল্যৰ বিনিময়ত শাস্তি ভোগ কৰিবলৈ সাজু থকাৰো হুংকাৰ দিয়ে ইজৰাইল ডিফেঞ্চ ফৰ্চে। নিজৰ দেশক ৰক্ষা কৰিবলৈ আমি বদ্ধ পৰিকৰ বুলি মন্তব্য কৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে।

Post a Comment

Previous Post Next Post