মহানগৰীৰ মাজ-মজিয়াত চাঞ্চল্যকৰ ঘটনা। ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী কোটিপতি ব্যৱসায়ীৰ মৃতদেহ। ‘কুমাৰ ইঞ্জিনীয়াৰিঙ’ৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱৰ ৰহস্যজনক মৃতদেহ। গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আছিল গৌৰৱ কুমাৰ।
নুনমাটি বাসগৃহৰ পৰা উদ্ধাৰ কুমাৰ গৌৰৱৰ মৃতদেহ। উল্লেখ্য যে চতুৰ্থ পত্নীৰ সৈতে নুনমাটিত বসবাস কৰে কুমাৰ গৌৰৱে। বৰ্তমান GMCHত মৰ্গত ৰখা হৈছে কুমাৰ গৌৰৱ মৃতদেহ। আনহাতে GMCHৰ মৰ্গত উপস্থিত গৌৰৱৰ তৃতীয় পত্নী। GMCHত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ উজাৰিলে কুমাৰ গৌৰৱ তৃতীয় পত্নীয়ে।
‘‘মানসিকভাৱে হাৰাশাস্তি কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে কুমাৰ গৌৰৱক।’’ কুমাৰ গৌৰৱৰ ভাষ্য অনুসৰি তৃতীয় পত্নীৰ সৈতে হোৱা শেষ বাৰ্তালাপত বাৰে বাৰে কুমাৰ গৌৰৱে কৈছিল “এইজনীয়ে মোৰ মাথা খাই দিছে৷” সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীক উচিত তদন্তৰ দাবী কৰিলে তৃতীয় পত্নীয়ে। আনহাতে সংবাদ মাধ্যমক মন্তব্য দিয়াৰ পৰা আঁতৰি থাকিল ব্যৱসায়ী কুমাৰ গৌৰৱৰ চতুৰ্থ পত্নী। ইতিমধ্যে বিহাৰৰ পৰাও গৌৰৱৰ আত্মীয় আহি উপস্থিত হৈছে GMCHত।উল্লেখ্য যে কুমাৰ ইঞ্জিনীয়াৰিঙৰ ১৭ টা পাৱাৰটিলাৰ,ট্ৰেক্টৰ,অটো আৰু ফাইনেন্স কোম্পানীৰ স্বত্বাধিকাৰী আছিল কুমাৰ গৌৰৱ। তৃতীয় পত্নী ভাষ্য অনুসৰি কুমাৰ গৌৰৱৰ ফাইনেন্স কোম্পানী পৰিচালন সঞ্চালক হৈছে কুমাৰ গৌৱৰৰ চতুৰ্থ পত্নী।
.jpg)