আজিয়েই অসম এৰিব নেকি IPS আনন্দ মিশ্ৰই? আনন্দ মিশ্ৰৰ এটা ফেচবুক প’ষ্টক লৈ চৰ্চা


 

ডাবাং আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ এটা বিশেষ ফেচবুক প’ষ্ট। আজি পুৱাৰে পৰা চৰ্চাত আছিল যে আনন্দ মিশ্ৰক হেড কোৱাটাৰ ক্ল’জ কৰা হৈছে খবৰ অনুসৰি আনন্দ মিশ্ৰ পদত্যাগ পত্ৰ ৰাজ্যৰ গৃহ বিভাগে গ্ৰহণ কৰা নাই।

কিন্তু ইয়াৰ পিছতে আনন্দ মিশ্ৰই সামাজিক মাধ্যমত দিলে এক বিশেষ প’ষ্ট। আনন্দ মিশ্ৰ কৈছে যে ‘‘কিছুমান সংবাদ মাধ্যমকে ধৰি সকলোকে অনুৰোধ কৰো মোৰ পদত্যাগ গ্ৰহণ নকৰাৰ উৰাবাতৰি বা মই প্ৰত্যাহাৰ কৰাৰ উৰাবাতৰি বিয়পাই নিদিব! মই নিজেই অনুৰোধ কৰিছো যে চৰকাৰী অধিসূচনাৰ বাকী থকা অৱস্থাত মোক আগুৱাই যোৱাত সহায় কৰিবলৈ দায়িত্বৰ পৰা পদত্যাগ কৰিবলৈ অনুমতি দিয়া হওক।’’


ইতিমধ্য ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ আনন্দ মিশ্ৰই নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। আৰু খুব কম দিনৰ ভিতৰতে অসম এৰি বিহাৰলৈ ৰাওনা হ’ব আৰক্ষী বিষয়াগৰাকী। ইতিমধ্যেই নিজৰ পছন্দৰ বাইক দুখনো বিহাৰলৈ প্ৰেৰণ কৰিছে আনন্দ মিশ্ৰই।

Post a Comment

Previous Post Next Post