দিনক দিনে দ্ৰুত গতিত সলনি হোৱা আধুনিক সমাজৰ লগত খাপ খাবলৈ তথা প্ৰতিযোগিতাৰ এই সময়ত মানুহে শ্ৰেষ্ঠ হ’বলৈ বহু কষ্ট কৰে। ইয়াৰ বাবে তেওঁলোকে গোটেই দিনটো বিভিন্ন কামত ব্যস্ত থাকিব লগা হয়। দিনটো কৰ্ম ব্যস্ততাৰ বাবে অনিয়মিত দিন চৰ্চা, বাহিৰত খাদ্য খোৱা আৰু ইফালে সিফালে ব্যস্ত থকাৰ বাবে মানুহৰ হৃদৰোগ আৰু পেটৰ ৰোগ হোৱাটো যেন সাধাৰণ হৈ পৰিছে। কিন্তু এলোপেথীৰ পৰা আয়ুৰ্বেদলৈকে সকলো প্ৰচেষ্টাই শৰীৰক সুস্থ কৰি ৰখাত ব্যৰ্থ হৈছে। অৱশ্যে বহুতৰে হয়তো অজ্ঞাত যে এবিধ সৰু ফলে এই সকলোবোৰ সমস্যা সমাধান কৰিব পাৰে।
শীতকালত বজাৰত মিঠা আৰু টেঙা সোৱাদযুক্ত ভিন্ন ফল–মূল বজাৰত উপলব্ধ। বজাৰলৈ গ’লে দেখা যায় শীতকালত উপলব্ধ পাহাৰীয়া বগৰী। আকৌ হাজাৰ হাজাৰ মানুহে ডাঙৰ বজাৰত এইবিধ বগৰী ক্ৰয় কৰিছে। ডালত ওলমি থকা হালধীয়া-ৰঙা বগৰীবোৰ পথাৰ, হাবি আৰু বননিত সকলোতে দেখা যায়। এই উদ্ভিদ পাহাৰীয়া অঞ্চলত প্ৰচুৰ পৰিমাণে পোৱা যায়। অসমতো এইবিধ ফল সহজতে পোৱা যায়। এই টেঙা–মিঠা আৰু ৰসাল ফলটোৱে মানুহৰ ৰুচিবোধক যেনেকৈ প্ৰলোভিত কৰে, তেনেকৈ ইয়াৰ সুগন্ধিয়েও মানুহক আকৰ্ষিত কৰে। যিসকলে এই ফলবিধ খাই ভাল পায়, তেওঁলোকে এবাৰ খাবলৈ আৰম্ভ কৰিলেই খোৱা বন্ধ কৰিব নোৱাৰে। ই কেৱল খাবলৈ সুস্বাদু নহয়, স্বাস্থ্যৰ বাবেও উপকাৰী। শৰীৰৰ বাবে অবিশ্বাস্যভাৱে ই এক ভাল ফল। এই পাহাৰীয়া ফলবোৰ খালে শীতকালত ৰোগ কম হ’ব বুলিও কোৱা হয়।
হাৰ্ট এটেক, ৰক্ত সঞ্চালন আৰু শৰীৰৰ বিভিন্ন ধৰণৰ সমস্যাৰ চিকিৎসাত বগৰী অতি ফলপ্ৰসূ। আমাৰ শৰীৰৰ বহুতো সাধাৰণ ৰোগ ই সহজে আৰোগ্য কৰিব পাৰে। গতিকে বিশেষকৈ শীতকালত নিয়মিতভাৱে এই ফলবিধ খাদ্য গ্ৰহণ কৰিব লাগে।
পাহাৰীয়া বগৰীয়ে পেটৰ পৰা হৃদয়লৈকে সকলো সুস্থ কৰে। যিহেতু ই কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে, সেয়ে ই হৃদযন্ত্ৰৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। লগতে শৰীৰত পেট ফুলাৰ সমস্যা কমোৱাতো সহায় কৰে। নিয়মিতভাৱে ইয়াক সেৱন কৰিলে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পায়, ফলত হাৰ্ট এটেক আৰু অন্যান্য বেমাৰৰ পৰা ৰক্ষা পৰে। ইয়াৰোপৰিও ইয়াৰ নিয়মিত সেৱনে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাতো সহায় কৰে। তদুপৰি এই পাহাৰীয় ফলবিধে শৰীৰৰ আন সকলো ৰোগ নিৰাময়তো সহায় কৰে।