আজি শিল্পী দিৱস, অসমীয়া কলা-সাহিত্য-সংস্কৃতিৰ অন্যতম শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক সোঁৱৰণ


 

আজি ৰাজ্যত শিল্পী দিৱস পালন কৰা হৈছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিদিৱস উপলক্ষে ৰাজ্যজুৰি শিল্পী দিৱস পালন কৰা হয়। তেওঁৰ ৭৩ সংখ্যক মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানে ৰূপকোঁৱৰক সোঁৱৰিবলৈ ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীতো সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰক স্মৰণ কৰাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ বিশেষ কাৰ্যসূচীৰ উপৰিও যোৰহাটত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয় শিল্পী দিৱসৰ আয়োজন কৰা হৈছে।

অসমীয়া কলা-সাহিত্য-সংস্কৃতিৰ অন্যতম শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১৭ জুন, ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল। তেওঁ প্ৰথম অসমীয়া বোলছবি জয়মতী চিনেমাৰ জড়িয়তে অসমত চলচ্চিত্ৰৰ ধাৰা আৰম্ভ কৰিলে। চিনেমা নিৰ্মাণৰ সমান্তৰালকৈ আগৰৱালাই গীতিকাৰ, নাট্যকাৰ, লেখক আৰু এগৰাকী স্বাধীনতা সংগ্ৰামী ৰূপে জাতীয় জীৱনক সমৃদ্ধ কৰিছিল। অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেওঁৰ অৱদান অতুলনীয়। কিন্তু মাত্ৰ ৪৮ বছৰ বয়সতে ১৯৫১ চনৰ ১৭ জানুৱাৰীত কম আয়ুসকালতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হয়।

অসম আৰু কলিকতাৰ বিভিন্ন বিদ্যালয়ত শিক্ষা লাভ কৰি জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে ১৯২৬ চনত এডিনবাৰ্গলৈ গৈছিল যদিও আধাতে পঢ়া এৰি জাৰ্মানীত সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল। ইয়াৰ পিছতে তেওঁৰ সাংস্কৃতিক যাত্ৰাৰ সূচনা হয় আৰু অসমত প্ৰথমখন বোলছবি নিৰ্মাণ কৰে। ইয়াৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটিব লগা হৈছিল। ১৯৩৬ চনত তেওঁ দেৱযানী ভূঞাৰ লগত বিবাহপাশত আৱদ্ধ হয়। উল্লেখ্য যে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ২০০৪ চনত ভাৰত চৰকাৰে ডাক টিকট প্ৰণয়ন কৰে। ইয়াৰ লগতে অসমৰ সমাজ জীৱনৰ কিংবদন্তী শিল্পীগৰাকীৰ স্মৃতিত ১৭ জানুৱাৰীত ৰাজ্যজুৰি শিল্পী দিৱস পালন কৰা হয়।

Post a Comment

Previous Post Next Post