কিয় ‘ফ্লপ’ হ’ল যতীন বৰাৰ ৰাঘৱ? বাখ্যা দিলে মুখ্যমন্ত্ৰীয়ে



 অক্টোবৰত ছবিগৃহ মুকলি হোৱা যতীন বৰাৰ ৰাঘব ছবিখনে আশা কৰা ধৰণে সফল হ’ব পৰা নাছিল। সামাজিক মাধ্যমটো ছবিখনে বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হৈছিল। ছবিখন চিত্ৰগৃহত সম্প্ৰচাৰ হৈ থকাৰ সময়টো দৰ্শকৰ উপস্থিতি আছে তেনেই নগণ্য।ব্যৱসায়িকভাৱে একপ্ৰকাৰ বিফল হৈছিল যতীন বৰাৰ ৰাঘৱ ছবিখন। অৱশেষ কেইটামান সপ্তাহৰ পিছতে চিত্ৰগৃহৰ পৰা আঁতৰ কৰিবলৈ বাধ্য হৈ গৈছিল ছবিখন। কিন্তু ৰাঘৱ ছবিখনৰ প্ৰসংগ পুনৰ আহিছে চৰ্চা লৈ। মুখ্যমন্ত্ৰীৰ এটা মন্তব্যৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাঘৱ।


কিয় ছবিগৃহত আশা কৰা ধৰণে সফল নহ’ল ৰাঘৱ ছবিখন। তাৰ বাখ্যা দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে। সোমবাৰে পাঞ্জাবাৰী ‘আইদেউ’ ছবিগৃহ মুকলি কৰি মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য।

‘কেইদিনমান পূৰ্বে যতীন বৰাৰ চিনেমা এখন মুক্তি লাভ কৰিছিল। অৱশ্যে মোৰ চোৱাৰ সুবিধা নহ’ল। চিনেমাখনক লৈও বিজেপি-কংগ্ৰেছ। এতিয়া যদি বিজেপি আৰু কংগ্ৰেছ কৰিব লাগে, আমি সকলো বিজেপিকে ক’লো হৈ চিনেমাখন চাব লাগে। আৰু চিনেমাখন চাব গ’লহেতেন আৰু চিনেমাখন হিট হ’লহেতেন। পাৰ্টি বুলিহে চাব গ’ল হৈ ,আৰ্টিষ্ট বুলিটো চাব নগ’লহেতেন। আজি-কালি এইধৰণৰ এটা নতুন পৰম্পৰা ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে। যিটো চলচ্চিত্ৰ উদ্যোগটোৰ বাবে বিপদৰ ঘণ্টা। মই ভাবো তেনেকুৱা সৰু-সৰু কামৰ পৰা আমি দূৰত থাকিব লাগে। ইয়াৰ ফলত দীৰ্ঘকালীন বিৰূপ প্ৰভাৱ পৰে।’

Post a Comment

Previous Post Next Post