পহিলা মাঘত আঁহতগুৰিত ঐতিহাসিক ম’হ যুঁজ, গোনা ম'হৰ যুঁজত কঁপি উঠিব আঁহতগুৰি


 

আজি পহিলা মাঘ। মাঘৰ প্ৰথম দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ, নামঘৰত ভক্তপ্ৰাণ ৰাইজে সকলোৰে কুশল-মংগল কামনাৰে নেদেখাজনৰ ওচৰত সেৱা ল’বলৈ ভিৰ কৰিছে। গুৱাহাটীৰ কামাখ্যা, উগ্ৰতাৰা, গণেশ মন্দিৰতো ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। পহিলা মাঘৰ দিনটোত মৰিগাঁৱৰ আঁহতগুৰিত ঐতিহাসিক ম’হ যুঁজ অনুষ্ঠিত হ’ব। পৰম্পৰাগতভাৱে চলি অহা আঁহতগুৰিৰ ম’হ যুঁজ অতি বিখ্যাত।

ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি আজি আঁহতগুৰিত লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত আয়োজিত হোৱা ম’হ যুঁজত গোনা ম’হে যুঁজিব। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আঁহতগুৰিৰ ম’হযুঁজ মুকলি কৰিব। ২০১৪ চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছত ৰাজ্যত এই যুঁজ নিষিদ্ধ আছিল। এইবাৰ ৰাজ্য চৰকাৰে ম’হ যুঁজৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰাইছে। গতিকে এইবাৰ মাঘ বিহুৰ দিনা অৰ্থাৎ আজি অসমবাসীয়ে ম’হ যুঁজ উপভোগ কৰিব পাৰিব। এতিয়া ম’হ যুঁজক কেন্দ্ৰ কৰি আঁহগুৰিবাসী ব্যস্ত হৈ পৰিছে। মুখ্যমন্ত্ৰী শৰ্মা উপস্থিত হোৱাৰ পাছতে গোনা ম’হৰ যুঁজত কঁপি উঠিব আঁহতগুৰি। ম’হৰ গোৱালসকলে ম’হ যুঁজাবলৈ ইতিমধ্যে সাজু হৈছে।

Post a Comment

Previous Post Next Post