গণি গণি ঠিক ৮৪ ছেকেণ্ড। তাৰ ভিতৰতে সম্পন্ন হ’ল অযোধ্যাৰ ৰাম মন্দিৰৰ ৰামৰ বিগ্ৰহৰ ‘প্ৰাণ প্ৰতিষ্ঠা’। বিশেষ এই সময়খিনিৰ নাম ‘অভিজিৎ মুহূৰ্ত’। ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ বাবে এই সময়খিনি বাচি লোৱা হৈছিল। সোমবাৰে ঠিক দুপৰীয়া ১২ বাজি ২৯ মিনিট ৩ ছেকেণ্ডত ‘অভিজিৎ মুহূৰ্ত’ আৰম্ভ হয়। পৱিত্ৰ এই মুহূৰ্ত আছিল ১২ বাজি ৩০ মিনিট ৩৫ ছেকেণ্ডলৈ। তাৰ ভিতৰতে ৰামলালাৰ বিগ্ৰহত ‘প্ৰাণ প্ৰতিষ্ঠা’ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
‘প্ৰাণ প্ৰতিষ্ঠা’ৰ ৮৪ ছেকেণ্ডত হ’লেও অযোধ্যাৰ ৰাম মন্দিৰত সমগ্ৰ উদ্বোধনী অনুষ্ঠান চলিল এঘণ্টাৰো বেছি। ১২ বাজি ৫ মিনিটত অনুষ্ঠান আৰম্ভ হয়। প্ৰধানমন্ত্ৰী মোদীয়ে অৱশ্যে অযোধ্যাত উপস্থিত হৈছিল ১০.৩০ বজাৰ কিছু সময় পিছত। পুৱা ১০.২৫ বজাত অযোধ্যাৰ বাল্মিকী বিমানবন্দৰত নমাৰ কথা আছিল মোদী। তাৰ পৰা হেলিকপ্টাৰত অযোধ্যাৰ হেলিপেডত উপস্থিত হয়। ১০.৫৫ বজাত ৰাম মন্দিৰ প্ৰাংগণত উপস্থিত হোৱাৰ কথা আছিল মোদীৰ। দুপৰীয়া ১২ বজাৰ পিছত আৰম্ভ হয় উদ্বোধনী অনুষ্ঠান।হিন্দু ধৰ্মত ৮৪ ছেকেণ্ডৰ ‘অভিজিৎ মুহূৰ্ত’ক বিশেষ তাৎপৰ্যপূৰ্ণ বুলি ধৰা হয়। সেই সময়ৰ ভিতৰত যিকোনো শুভ কাম কৰাৰ পৰামৰ্শ দিয়ে ধৰ্মীয় বিজ্ঞসকলে। তেওঁলোকৰ বিশ্বাস, স্বয়ং ভগৱান ৰাম এই মুহূৰ্তত পৃথিৱীত আৱিৰ্ভাৱ হৈছিল। সমগ্ৰ দিনটোত দুবাৰ ‘অভিজিৎ মুহূৰ্ত’ আহে। শ্ৰীকৃষ্ণৰ জন্ম হৈছিল মাজৰাতি ‘অভিজিৎ মুহূৰ্ত’ত। জ্যোতিষ শাস্ত্ৰই কয়, সমগ্ৰ দিনটোত ৩০টা মুহূৰ্ত আছে। তাৰ ভিতৰত ‘অভিজিৎ মুহূৰ্ত’ অষ্টম। অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনৰ পিছত ৰামলালাৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ বাবেও এই বিশেষ মুহূৰ্ত বাচনি কৰা হৈছে।