ৰাম কেৱল আমাৰ নহয়, ৰাম সকলোৰে, ৰাম কেৱল বৰ্তমান নহয়, ৰাম অনন্ত কাল : প্ৰধানমন্ত্ৰী মোদী


 

অযোধ্যাৰ ভব্য ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰামলালাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰামলালাৰ। ৰাম মন্দিৰ উদ্বোধনৰ পিছতে অযোধ্যাত এক জনসভাক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

নিজৰ ভাষণত মোদীয়ে কয়, ‘‘আজি আমাৰ ৰাম আহিল। শতিকাৰ প্ৰতীক্ষাৰ পিছত আমাৰ ৰাম আহিল। শতিকাৰ ত্যাগ আৰু তপস্যাৰ পিছত প্ৰভু ৰাম আহিল। এই শুভ সময়ত সকলোকে বহু বহু শুভেচ্ছা। ক’বলৈ বহুত আছে, কণ্ঠ অৱৰুদ্ধ। আমাৰ ৰামলালা এতিয়া টেণ্টত নাথাকে। আমাৰ ৰামলালা এতিয়া দিব্য মন্দিৰত থাকিব। এই পল পৱিত্ৰ, এই পৰিৱেশ, বাতাবৰণ, এই সময়, শক্তি প্ৰভু শ্ৰীৰামৰ আমাৰ সকলোৰে ওপৰত আশীৰ্বাদ। ২০২৪ৰ ২২ জানুৱাৰীৰ এই সুৰুযে এই অদ্ভুত আভা লৈ আহিছে। এই তাৰিখটো কেলেণ্ডাৰৰ তাৰিখ নহয়, এয়া এক নতুন কালচক্ৰৰ উদয়। ৰাম মন্দিৰৰ ভূমি পূজনৰ পিছৰে পৰা প্ৰতিদিনে দেশত উৎসাহ বৃদ্ধি পাইছিল। নিৰ্মাণ কাৰ্য দেখি দেশবাসীৰ প্ৰতিদিনে এক নতুন বিশ্বাস সৃষ্টি হৈছিল। আজি আমি শতিকাৰ সেই ধৈৰ্যৰ ফল পাইছো। আজি আমি শ্ৰীৰামৰ মন্দিৰ পাইছো।’’

‘‘আজিৰ পৰা হাজাৰ বছৰ পিছতো মানুহে এই তাৰিখটোৰ চৰ্চা কৰিব। আমি এই সময়খিনিৰ সাক্ষী। এই সময় সাধাৰণ সময় নহয়, এই কালৰ চক্ৰত সৰ্বকালৰ চিয়াহীৰে অংকিত অমিত স্মৃতিৰেখা। য’ত ৰামৰ কাম হয়, তাত পৱন পুত্ৰ হনুমান বিৰাজমান হয়। সেইবাবে মই ৰামভক্ত হনুমানকো প্ৰণাম কৰিছো। মাতা জানকী, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন সকলোকে প্ৰণাম জনাইছো।’’

Post a Comment

Previous Post Next Post