বছৰ পিছত বছৰৰ অপেক্ষাৰ অন্ত পৰিল। ভাৰতীয় ইতিহাসত সন্নিবিষ্ট হ’ল ২২ জানুৱাৰীৰ দিনটো। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ’ল অযোধ্যাৰ ৰাম মন্দিৰত। দেশজুৰি আজি উৎসৱমুখৰ পৰিৱেশ। প্ৰতিগৰাকী ভাৰতীয় মনত পাৰাপাৰহীন উছাহ।
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰি দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশবাসীক সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ কথা ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীয়ে বছৰ বছৰ ধৰি অপেক্ষা কৰি থকা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ল।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘ৰামৰ মন্দিৰ হ’ল, আগলৈ কি হ’ব? যি দৈব আত্মাই আমাক আশীৰ্বাদ দিবলৈ উপস্থিত হৈছে, তেওঁক আমি এনেদৰেই বিদায় দিম নেকি? আজি পৱিত্ৰ মনেৰে অনুভৱ কৰিছো, কালচক্ৰ সলনি হৈছে। হাজাৰ বৰ্ষৰ পিছৰ প্ৰজন্মই আজিৰ কামক মনত পেলাব। এয়াই সময়, সঠিক সময়। আমি আজিৰে পৰা এই পৱিত্ৰ সময়ৰ পৰা আগন্তুক ১,০০০ বছৰৰ ভেঁটি ৰাখিব লাগিব। সকলো দেশবাসীয়ে এতিয়াৰে পৰা ভাৰতৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি ল’ম।’’
‘আজি দেশত নিৰাশাৰ স্থান নাই। আহক আমি সংকল্প লওঁ, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমি জীৱনৰ পল পল সমৰ্পণ কৰিম। এয়া ভাৰতৰ বিকাশৰ অমৃত কাল। আজি ভাৰত যুৱশক্তিৰ পুঁজিৰে পৰিপূৰ্ণ, শক্তিৰে পৰিপূৰ্ণ। এনে পৰিস্থিতি নাজানো কিমান সময় পিছত হৈছে। আমি এতিয়া বহি থাকিব নালাগিব। যুৱ প্ৰজন্মই ভাৰতৰ নতুন প্ৰভাত লিখিব লাগিব।’’ - ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।মোদীয়ে কয়, ‘‘আহিবলগীয়া সময় সফলতাৰ হ’ব। আহিবলগীয়া সময় সিদ্ধিৰ হ’ব। এই ৰাম মন্দিৰ সাক্ষী হ’ব ভাৰতৰ উৎকৰ্ষৰ, উদয়ৰ, বিকশিত ভাৰতৰ। এই মন্দিৰে শিকাই, যদিহে লক্ষ্য সত্য প্ৰমাণিত হয় তেতিয়া সেয়া প্ৰাপ্ত কৰা অসম্ভৱ নহয়। এয়া ভাৰতৰ সময়। ভাৰত এতিয়া আগবাঢ়িব। আমি এতিয়া ৰৈ নাথাকো। বিকাশৰ শিখৰলৈ গৈয়ে এৰিম।’’