বছৰ পিছত বছৰৰ অপেক্ষাৰ অন্ত পৰিল। ভাৰতীয় ইতিহাসত সন্নিবিষ্ট হ’ল ২২ জানুৱাৰীৰ দিনটো। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ’ল অযোধ্যাৰ ৰাম মন্দিৰত। দেশজুৰি আজি উৎসৱমুখৰ পৰিৱেশ। প্ৰতিগৰাকী ভাৰতীয় মনত পাৰাপাৰহীন উছাহ।
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰি দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশবাসীক সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ কথা ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীয়ে বছৰ বছৰ ধৰি অপেক্ষা কৰি থকা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ল। প্ৰাণ প্ৰতিষ্ঠাৰ পিছত দেশবাসীক সম্বোধন কৰি গুৰুত্বপূৰ্ণ মন্তব্য নৰেন্দ্ৰ মোদীৰ।
মোদীয়ে কয়, ‘‘মই আজি প্ৰভু শ্ৰীৰামৰ পৰা ক্ষমা বিচাৰিছো, আমাৰ তপস্যাত হয়তো কিছু অভাৱ আছিল যাৰ বাবে ইমান দিনলৈ এই কাম কৰিব পৰা নাছিলো, আজি সেই কাম পূৰণ হৈছে। আজি প্ৰভু ৰামে নিশ্চয় আমাক ক্ষমা কৰিব।’’
‘‘আমাৰ বহু প্ৰজন্মই ত্যাগ সহ্য কৰিছে। মই ভাৰতৰ ন্যায় পালিকাক কৃতজ্ঞতা জনাইছো ন্যায় প্ৰদান কৰাৰ বাবে। প্ৰভুৰ ৰামৰ মন্দিৰো ন্যায়বদ্ধ পদ্ধতিৰে নিৰ্মাণ হৈছে। আজি গাঁৱে গাঁৱে উৎসৱ হৈছে, সমগ্ৰ দেশে দীপাৱলী পালন কৰিছে। আজি সন্ধিয়া ঘৰে ঘৰে ৰামজ্যোতি প্ৰজ্বলিত কৰাৰ প্ৰস্তুতি চলিছে। এতিয়া কাল চক্ৰ পুনৰ সলনি হ’ব, সঠিক দিশত হ’ব। সাগৰৰ পৰা সৰযূলৈ ৰামৰ উৎসৱ বিৰাজমান। ৰাম ভাৰতবাসীৰ অন্তৰত বিৰাজমান হৈছে। দেশক একত্ৰিত কৰাৰ সূত্ৰ আৰু কি হ’ব পাৰে?’’ - ক’লে মোদীয়ে।