এয়া কেৱল ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা নহয়, এয়া শ্ৰীৰামৰ ৰূপত সাক্ষাৎ ভাৰতীয় সংস্কৃতিৰ প্ৰতি অটুট বিশ্বাসৰ প্ৰাণ প্ৰতিষ্ঠা : মোদী



 অযোধ্যাৰ ভব্য ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰামলালাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰামলালাৰ। ৰাম মন্দিৰ উদ্বোধনৰ পিছতে অযোধ্যাত এক জনসভাক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মোদীয়ে কয়, ‘‘এয়া কেৱল ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা নহয়, এয়া শ্ৰীৰামৰ ৰূপত সাক্ষাৎ ভাৰতীয় সংস্কৃতিৰ প্ৰতি অটুট বিশ্বাসৰ প্ৰাণ প্ৰতিষ্ঠা। এই মন্দিৰ কেৱল এক দেৱ মন্দিৰ নহয়, ভাৰতৰ দৰ্শনৰ, দিকদৰ্শনৰ মন্দিৰ। এয়া ৰাষ্ট্ৰ চেতনাৰ মন্দিৰ। ৰাম ভাৰতৰ আস্থা, ভাৰতৰ আধাৰ। ৰাম ভাৰতৰ বিচাৰ, ৰাম ভাৰতৰ বিধান। ৰাম ভাৰতৰ চেতনা, ভাৰতৰ চিন্তা। ৰাম ব্যাপক, বিশ্ব। ইয়াৰ প্ৰভাৱ হাজাৰ হাজাৰ বৰ্ষৰ বাবে হয়।’’


নিজৰ ভাষণত মোদীয়ে কয়, ‘‘আজি আমাৰ ৰাম আহিল। শতিকাৰ প্ৰতীক্ষাৰ পিছত আমাৰ ৰাম আহিল। শতিকাৰ ত্যাগ আৰু তপস্যাৰ পিছত প্ৰভু ৰাম আহিল। এই শুভ সময়ত সকলোকে বহু বহু শুভেচ্ছা। ক’বলৈ বহুত আছে, কণ্ঠ অৱৰুদ্ধ। আমাৰ ৰামলালা এতিয়া টেণ্টত নাথাকে। আমাৰ ৰামলালা এতিয়া দিব্য মন্দিৰত থাকিব। এই পল পৱিত্ৰ, এই পৰিৱেশ, বাতাবৰণ, এই সময়, শক্তি প্ৰভু শ্ৰীৰামৰ আমাৰ সকলোৰে ওপৰত আশীৰ্বাদ।’’২০২৪ৰ ২২ জানুৱাৰীৰ এই সুৰুযে এই অদ্ভুত আভা লৈ আহিছে। এই তাৰিখটো কেলেণ্ডাৰৰ তাৰিখ নহয়, এয়া এক নতুন কালচক্ৰৰ উদয় বুলি কয় মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ৰাম মন্দিৰৰ ভূমি পূজনৰ পিছৰে পৰা প্ৰতিদিনে দেশত উৎসাহ বৃদ্ধি পাইছিল। নিৰ্মাণ কাৰ্য দেখি দেশবাসীৰ প্ৰতিদিনে এক নতুন বিশ্বাস সৃষ্টি হৈছিল। আজি আমি শতিকাৰ সেই ধৈৰ্যৰ ফল পাইছো। আজি আমি শ্ৰীৰামৰ মন্দিৰ পাইছো।‘‘‘আজিৰ পৰা হাজাৰ বছৰ পিছতো মানুহে এই তাৰিখটোৰ চৰ্চা কৰিব। আমি এই সময়খিনিৰ সাক্ষী। এই সময় সাধাৰণ সময় নহয়, এই কালৰ চক্ৰত সৰ্বকালৰ চিয়াহীৰে অংকিত অমিত স্মৃতিৰেখা। য’ত ৰামৰ কাম হয়, তাত পৱন পুত্ৰ হনুমান বিৰাজমান হয়। সেইবাবে মই ৰামভক্ত হনুমানকো প্ৰণাম কৰিছো। মাতা জানকী, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন সকলোকে প্ৰণাম জনাইছো।’’

‘‘আজি গাঁৱে গাঁৱে উৎসৱ হৈছে, সমগ্ৰ দেশে দীপাৱলী পালন কৰিছে। আজি সন্ধিয়া ঘৰে ঘৰে ৰামজ্যোতি প্ৰজ্বলিত কৰাৰ প্ৰস্তুতি চলিছে। এতিয়া কাল চক্ৰ পুনৰ সলনি হ’ব, সঠিক দিশত হ’ব। সাগৰৰ পৰা সৰযূলৈ ৰামৰ উৎসৱ বিৰাজমান। ৰাম ভাৰতবাসীৰ অন্তৰত বিৰাজমান হৈছে। দেশক একত্ৰিত কৰাৰ সূত্ৰ আৰু কি হ’ব পাৰে?’’ - ক’লে মোদীয়ে।

মোদীয়ে কয়, আজিৰ এই ক্ষণ উৎসৱৰ ক্ষণৰ লগতে ভাৰতীয় সমাজৰ পৰিপক্কতাৰো সময়। আমাৰ বাবে এই সময় কেৱল বিজয়ৰ নহয়, বিনয়ৰো হয়। আমাৰ ভৱিষ্যৎ আমাৰ অতীতকৈ বহু সুন্দৰ হ’বলৈ গৈ আছে। ৰামলালাৰ এই মন্দিৰৰ নিৰ্মাণ ভাৰতীয় সমাজৰ শান্তি, ধৈৰ্য আৰু সামাজিক সদ্ভাৱ আৰু আন্তৰিকতাৰ প্ৰতীক। ৰাম মন্দিৰে সমাজৰ সকলো বৰ্গৰ উজ্জ্বল ভৱিষ্যতৰ পথৰ প্ৰেৰণা লৈ আহিছে। ৰাম শক্তি। ৰাম বিবাদ নহয়, ৰাম সমাধান। ৰাম কেৱল আমাৰ নহয়, ৰাম সকলোৰে। ৰাম কেৱল বৰ্তমান নহয়, ৰাম অনন্ত কাল।মোদীয়ে কয়, ৰামৰ মন্দিৰ হ’ল, আগলৈ কি হ’ব? যি দৈব আত্মাই আমাক আশীৰ্বাদ দিবলৈ উপস্থিত হৈছে, তেওঁক আমি এনেদৰেই বিদায় দিম নেকি? আজি পৱিত্ৰ মনেৰে অনুভৱ কৰিছো, কালচক্ৰ সলনি হৈছে। হাজাৰ বৰ্ষৰ পিছৰ প্ৰজন্মই আজিৰ কামক মনত পেলাব। এয়াই সময়, সঠিক সময়। আমি আজিৰে পৰা এই পৱিত্ৰ সময়ৰ পৰা আগন্তুক ১ হাজাৰ বছৰৰ ভেটি ৰাখিব লাগিব। সকলো দেশবাসীয়ে এতিয়াৰে পৰা ভাৰতৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি ল’ম।

‘‘আজি দেশত নিৰাশাৰ স্থান নাই। আহক আমি সংকল্প লওঁ, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমি জীৱনৰ পল পল সমৰ্পণ কৰিম। এয়া ভাৰতৰ বিকাশৰ অমৃত কাল। আজি ভাৰত যুৱশক্তিৰ পুঁজিৰে পৰিপূৰ্ণ, শক্তিৰে পৰিপূৰ্ণ। এনে পৰিস্থিতি নাজানো কিমান সময় পিছত হৈছে। আমি এতিয়া বহি থাকিব নালাগিব। যুৱ প্ৰজন্মই ভাৰতৰ নতুন প্ৰভাত লিখিব লাগিব।’’ - ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মোদীয়ে কয়, আহিবলগীয়া সময় সফলতাৰ হ’ব। আহিবলগীয়া সময় সিদ্ধিৰ হ’ব। এই ৰাম মন্দিৰ সাক্ষী হ’ব ভাৰতৰ উৎকৰ্ষৰ, উদয়ৰ, বিকশিত ভাৰতৰ। এই মন্দিৰে শিকাই, যদিহে লক্ষ্য সত্য প্ৰমাণিত হয় তেতিয়া সেয়া প্ৰাপ্ত কৰা অসম্ভৱ নহয়। এয়া ভাৰতৰ সময়। ভাৰত এতিয়া আগবাঢ়িব। আমি এতিয়া ৰৈ নাথাকো। বিকাশৰ শিখৰলৈ গৈয়ে এৰিম।

Post a Comment

Previous Post Next Post