এদিনৰ বাবে মিনি বলীউদলৈ ৰূপান্তৰ হ’ল ৰাম নগৰী। বলীউদৰ নামী-দামী তাৰকাৰে ভৰি পৰিল সৰযূ নদীৰ পাৰ। বলীউদৰ মেগাষ্টাৰৰ পৰা ড্ৰীম গাৰ্ললৈ সকলোৱে ভিৰ কৰিলে ৰাম জন্মভূমি অযোধ্যাত। দাক্ষিণাত্যৰ ছুপাৰষ্টাৰৰ পৰা অসমীয়া চলচ্চিত্ৰ পৰিচালকলৈ VIP-VVIPৰে ভৰি পৰিল অযোধ্যা। এদিনৰ ৰাজনৈতিক নেতাৰ পৰা বলীউদৰ ‘খিলাড়ী’, ‘চকলেট বয়’লৈ সকলোৰে লক্ষ্য হৈ পৰিল ৰাম নগৰী।
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত মহোৎসৱত উপস্থিত থাকিল দেশৰ বহু আগশাৰী ব্যক্তি। বছৰৰ বছৰৰ অপেক্ষাৰ অন্ত পৰিল দেশবাসীৰ। প্ৰধানমন্ত্ৰীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে-লগে দেশত সূচনা হ’ল এক নতুন ইতিহাসৰ।তাৰ মাজতে অযোধ্যাৰ পৰা চৰ্চালৈ আহিল এখন বিশেষ ফটো। ফটোখনত দেখা গ’ল বলীউদৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ, আলিয়া ভাট, বিকি কৌশল, কেটৰিণা কাইফ, বলীউদ ‘ধক-ধধ গাৰ্ল’ মাধুৰী দিক্ষীত, জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক ৰোহিত ছেট্টী, ৰাজকুমাৰ হিড়ানী আৰু বলীউদৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মাম খুড়ানা। অযোধ্যাৰ পৰা সামাজিক মাধ্যমত ভাইৰেল হোৱা এই বিশেষ ফটোৱে চৰ্চা লাভ কৰিছে সমগ্ৰ দেশতে।