পদুম ফুলৰ ওপৰত খেলা কৰিছে পাঁচ বছৰীয়া বালকে। তেওঁৰ শৰীৰৰ দিব্যজ্যোতিত উদ্ভাসিত চৌদিশ। মুখত স্মিত হাঁহি। এখন হাতত তিৰ, আনখনত ধনু। বালকৰ শান্ত মুখমণ্ডলৰ ফালে চালে মন শ্ৰদ্ধাত নত হৈ আহিব। কোন সেই বালক? তেঁৱেই ‘ৰামলালা’। শিল্পী অৰুণ যোগীৰাজৰ হাতেৰে নিৰ্মিত এই বিগ্ৰহৰেই প্ৰাণ প্ৰতিষ্ঠা হ’ব ২২ জানুৱাৰীত।
ৰামলালাৰ বিগ্ৰহৰ ছবি এতিয়া জনচক্ষুৰ সন্মুখলৈ অহা নাই। দেখিছে গণিব পৰা কেইজনমানেহে। তেওঁলোকৰ ভিতৰত এজন হ’ল শিল্পী অৰুণ যোগীৰাজৰ পত্নী বিজেতা। তেওঁ উচ্ছ্বসিত। স্বামীৰ হাততে প্ৰাণ পাইছে ‘ৰামলালা’। সুখৰ অন্ত নাই তেওঁৰ। ক’লে - আমি গুচি যাম। কিন্তু অৰুণৰ কাম ইতিহাস হৈ থাকিল।
ৰাম মন্দিৰৰ ট্ৰাষ্টি ব’ৰ্ডে বিচাৰিছিল, ৰামলালাৰ তিনিটা মূৰ্তি নিৰ্মাণ হওক। তাৰ ভিতৰৰ পৰা এটা বাছনি কৰা হ’ব। মতা হৈছিল তিনি ভাস্কৰক। বেংগালুৰুৰ ভাস্কৰ্য শিল্পী গণেশ ভাট আৰু তেওঁৰ ছাত্ৰ বিপিন ভাদোৰিয়া, মহীশূৰৰ অৰুণ যোগীৰাজ আৰু জয়পুৰৰ সত্যনাৰায়ণ পাণ্ডে। শেষত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে যোগীৰাজে নিৰ্মাণ কৰা বিগ্ৰহকে বাছনি কৰে বিশেষজ্ঞৰ পেনেলে।
স্বামী অৰুণ যোগীৰাজৰ কাম সন্মুখৰ পৰা দেখিছে বিজেতাই। ৬ মাহ সময়। পাথৰ কাটি কাটি লাহে লাহে ৰামলালাক ফুটাই তুলিছে অৰুণে। কিদৰে ৰামলালাৰ মুখ, হাঁহি, অভিব্যক্তিক ৰূপ দিলে অৰুণে? পত্নী বিজেতাই প্ৰকাশ কৰিলে সেই ৰহস্য। তেওঁ কয়, ‘ঘৰৰ চাৰিওফালে চাৰি-পাঁচ বছৰৰ শিশুসকলে খেলিবলৈ আহিছিল। তেওঁলোকক ঘণ্টাৰ পিছত ঘণ্টা ধৰি পৰ্যবেক্ষই কৰিছিল অৰুণে। যাতে বিগ্ৰহতো সেই শিশুসুলভ অথচ ঐশ্বৰিক চাপ ফুটাই তুলিব পাৰি।’কিন্তু ট্ৰাষ্টি ব’ৰ্ডে কেনে বিগ্ৰহ বিচাৰে তাৰ এক আভাস দিছিল। ইয়াৰ পিছত ২ হাজাৰৰো বেছি ফটোগ্ৰাফ লৈ গৱেষণা কৰে অৰুণে। ৰামলালাৰ মুখ, চকু আৰু অভিব্যক্তি কেনে হ’ব, সেই দিশটোত আটাইতকৈ বেছি গুৰুত্ব দিছিল তেওঁ। বিগ্ৰহ নিৰ্মাণৰ সময়ত নিজকে কঠোৰ নিয়মৰ মাজত ৰাখিছিল শিল্পীগৰাকীয়ে। পত্নী বিজেতাই জনাইছিল, ‘সেই সময়ত সাত্ত্বিক আহাৰ গ্ৰহণ কৰিছিল অৰুণে। সপৰিয়ালে অযোধ্যাত দিনত দুবাৰ প্ৰাৰ্থনা কৰিছিল।’ তেওঁৰ মতে, ‘এয়া ঈশ্বৰৰ কাম। একোৰে সৈতে তুলনা নহয়।’
কৃষ্ণশিলত তৈয়াৰ কৰা হৈছে ৰামলালাৰ বিগ্ৰহ : কৰ্ণাটকৰ কৃষ্ণশিলা খোদিত কৰি নিৰ্মাণ কৰা হৈছে ৰামলালাৰ বিগ্ৰহ। বিশেষজ্ঞসকলে কৈছে, আকৰ্ষণীয় আৰু দীৰ্ঘম্যাদী ভাস্কৰ্য সৃষ্টি কৰিবলৈ ক’লা শিল ব্যৱহাৰ কৰা হয়। বেংগালুৰুৰ পৰা ৬০ কিলোমিটাৰ দূৰত অৱস্থিত কাৰকালা। এই চহৰতে পোৱা যায় উৎকৃষ্ট মানৰ ক’লা শিল। ৰাম মন্দিৰ ট্ৰাষ্টৰ এজন কৰ্মকৰ্তাই জনাইছে, বিগ্ৰহ নিৰ্মাণৰ বাবে ১০ টন ওজনৰ, ৬ ফুট ওখ, ৪ ফুট পঠালি আৰু প্ৰায় ১ ফুট দীঘল শিলটো প্ৰায় এমাহ পূৰ্বে কাৰকালাৰ নেল্লিকাৰু গাঁৱৰ পৰা অনা হৈছিল।’ৰামলালাৰ বিগ্ৰহ নিৰ্মাণৰ বাবে ২০২৩ৰ ২ জানুৱাৰীত নেপালে ১৪ আৰু ২৬ টন ওজনৰ দুটা শিল পঠিয়াইছিল। ৰাম জন্মভূমি ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰাইয়ে কয়, ‘দুটা দেৱশিলা নেপালে আমাক উপহাৰ দিছে। এই শিল আছিল কেলছাইট আৰু কোৱাৰ্টজাইট। হিমালয় অঞ্চলৰ মুক্তিনাথ অঞ্চলৰ গণ্ডকী নদীৰ পৰা সংগ্ৰহ কৰা হৈছিল। যিয়ে নহওক, বহু বিশেষজ্ঞ আৰু পুৰোহিতৰ সৈতে পৰামৰ্শ কৰাৰ পিছত ট্ৰাষ্টে নেপালৰ দেৱশিল ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লয়। কিন্তু এই সিদ্ধান্ত লোৱা সহজ নাছিল।’
অৰুণ যোগীৰাজ মহীশূৰৰ বিখ্যাত ভাস্কৰ। পৰিয়ালৰ পাঁচ প্ৰজন্ম এই শিল্পৰ সৈতে জড়িত। অৰুণৰ পিতৃও খ্যাতি আছিল। তেওঁৰ পিতামহ বাসভন্নৰ কামৰ প্ৰশংসক আছিল মহীশূৰৰ ৰজা। সম্প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ বহুতেই অৰুণ যোগীৰাজৰ কামৰ ভূয়সী প্ৰশংসা কৰিছে। কেৱল ভাষ্কৰ্য নিৰ্মাণেই নহয়, অৰুণ পঢ়া-শুনাতো চোকা। এমবিএ কৰিছে। কিছুদিন এক বেচৰকাৰী কোম্পানীত কামো কৰিছিল। কিন্তু কৰ্প’ৰেট কাম তেওঁৰ ভাল নালাগিল। ২০০৮ চনত পৰিয়ালৰ পেছাত যোগদান কৰে। কোনে জানে, হয়তো ৰামলালাই তেওঁক টানি আনিছে এই পথলৈ!