‘মোক টকা নালাগে, জোনমণিৰ মৃত্যুৰ বিচাৰ লাগে’



‘‘মোক টকা নালাগে৷ লাগে মাথোঁ জোনমণিৰ উচিত বিচাৰ৷ কোনে হত্যা কৰিলে জোনমণিক, তাৰ বিচাৰ লাগে৷ তদন্তৰ নামত মাথোঁ তদন্ত হ’ল, কিন্তু কোনো বিচাৰ নহ’ল আজিলৈ৷’’ - আজি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মহিলা সভানেত্ৰী অলকা লাম্বাৰ সন্মুখত এইদৰেই উচুপি উঠিল জোনমণি ৰাভাৰ মাতৃয়ে।

জোনমণিৰ মাতৃয়ে কয়, ৰাজ্যৰ গৃহ বিভাগ সকলো অৱগত জোনমণিৰ মৃত্যুৰ বিষয়ে৷ কিন্তু তাৰ পিছতো ৰহস্যজনকভাৱে পোহৰলৈ নাহিল জোনমণিক কোনে হত্যা কৰিছিল৷

বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ অসমলৈ অহা অলকা লাম্বাই সাক্ষাৎ কৰে জোনমণিৰ মাতৃক৷ জোনমণিৰ মাতৃক সাক্ষাতৰ সময়তে পুনৰ জোনমণি কাণ্ডৰ ন্যায়ৰ দাবী মাতৃৰ৷

ইপিনে CBIৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তিনিমাহৰ ভিতৰত সমগ্ৰ ঘটনাৰ বিচাৰ কৰাৰ দাবী মহিলা সভানেত্ৰীগৰাকীৰ ৷ অলকা লাম্বাই কয়, ‘‘ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্তৰ নাই, যাৰ বাবে জোনমণিৰ পৰিয়ালৰ এবাৰলৈও খবৰ ল’বলৈ নাহিল৷’’উল্লেখযোগ্য যে বিগত বৰ্ষৰ মে’ মাহত মৃত্যু হৈছিল জোনমণি ৰাভাৰ ৷ ঘটনা সংঘটিত হোৱাৰ প্ৰায় ৯ মাহ উকলি গ’ল৷ কিন্তু তাৰ পিছতো এতিয়ালৈ কোনো ৰহস্য ভেদ নহ’ল৷ সমগ্ৰ ঘটনা কংগ্ৰেছ দলে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে বুলি মন্তব্য কৰি অলকা লাম্বাই কয়, আমি এইবাৰ দাবী স্থিৰ কৰিলো ৩ মাহৰ ভিতৰত গোচৰ নিস্পত্তি হ’ব লাগিব৷  

Post a Comment

Previous Post Next Post