২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা উপস্থিত থাকিব প্ৰধানমন্ত্ৰীসহ দেশৰ বহু নেতা। বলীউদৰ তাৰকাসকলো উপস্থিত থকাৰ সম্ভাৱনা আছে। সূত্ৰৰ খবৰ অনুসৰি প্ৰায় ৮০০০ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে অনুষ্ঠানত উপস্থিত থকাৰ বাবে।
মহাসমাৰোহৰ সেই দিনটোৰ চাক্ষুস সাক্ষী হ’বলৈ ইচ্ছা বহুজনৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ঠিক কি হ’ব, কোন আহিব, কিদৰে পূজা হ’ব, ৰাম মন্দিৰৰ বৈশিষ্ট্য কি সেয়া চোৱাৰ বাবে আগ্ৰহী সমগ্ৰ দেশ। কিন্তু বহুতেই অযোধ্যালৈ যাব পৰা নাই। কিন্তু ঘৰতে বহি সকলো অনুষ্ঠান উপভোগ কৰিব পাৰিব। সেই উপায়ো আছে।
কেন্দ্ৰীয় চৰকাৰৰ তথ্য ইউনিট পিআইবিৰ মতে, ২২ জানুৱাৰীৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সমগ্ৰ দেশৰ মানুহৰ ওচৰলৈ লৈ যোৱাৰ বাবে দূৰদৰ্শনে (ডিডি) বিশেষ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে দূৰদৰ্শনে অযোধ্যাৰ ৰাম মন্দিৰ আৰু ইয়াৰ আশে-পাশে ৪০টা কেমেৰা স্থাপন কৰিব আৰু সমগ্ৰ অনুষ্ঠান পোনপটীয়াভাৱে সম্প্ৰচাৰ হ’ব। মূল মন্দিৰ পৰিসৰৰ উপৰি, দূৰদৰ্শনে সৰযূ ঘাটৰ ওচৰত ৰাম কী পাইদি, কুবেৰ টিলাত জটায়ুৰ মূৰ্তি আৰু অন্যান্য স্থানৰ পৰা বিভিন্ন চেনেলত পোনপটীয়া সম্প্ৰচাৰ কৰিব।কেৱল ২২ জানুৱাৰীয়ে নহয়, ২৩ জানুৱাৰীতো দূৰদৰ্শনে বিশেষ আৰতি আৰু মন্দিৰ সৰ্বসাধাৰণৰ বাবে খোলাৰ দৃশ্য়ৰো পোনপটীয়া সম্প্ৰচাৰ কৰিব। মূল মন্দিৰ কমপ্লেক্সৰ উপৰি দূৰদৰ্শনে সৰযূ ঘাটৰ ৰাম কী পাইদি, কুবেৰ দিলাত জটায়ুৰ মূৰ্তি আৰু অন্যান্য স্থানৰ পৰাও বিভিন্ন চেনেলত পোনপটীয়া সম্প্ৰচাৰ কৰিব।