চৰকাৰী দায়িত্বৰ পৰা আঁতৰি নিজৰ মতে জীৱনটো সজোৱাৰ মন। সুদীৰ্ঘ ১২ বছৰ কাল সেৱা আগবঢ়াই আপোন ঠাইখনলৈ ঘূৰি যোৱাৰ ইচ্ছা। আপোন মানুহবোৰৰ সৈতে অলপ বেলেগ ধৰণে সময়বোৰ পাৰ কৰাৰ হেঁপাহ। আৰু সেইবাবেই আই পি এছ দৰে লোভনীয় চাকৰি বাদ দিয়াৰ সিদ্ধান্ত লৈছিল তেওঁ।
আমি ক’বলৈ লৈছো আনন্দ মিশ্ৰৰ কথা। লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। যাৰ ভয়ত কঁপে অপৰাধীৰ ভেটি। যিগৰাকী বিষয়া অপৰাধীৰ বাবে মূৰৰ কামোৰণি। সেইগৰাকী আনন্দ মিশ্ৰই চাকৰিৰ পৰা অব্যাহতি পত্ৰ প্ৰেৰণ কৰিছিল ৰাজ্যৰ মুখ্য সচিবলৈ।
আনন্দ মিশ্ৰই অব্যাহতি পত্ৰ প্ৰেৰণৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। সেইবোৰক লৈও ইতিমধ্যে বিষয়াগৰাকীয়ে স্পষ্টকৈ জনাইছে। কাৰো হেঁচাত বা গালি-গালাজত এই সিদ্ধান্ত নহয় বুলি কৈছিল তেওঁ। মাতৃভূমিৰ হৈ কিছুমান কামৰ কৰাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছিল।
আনন্দ মিশ্ৰই লিখা পত্ৰৰ তাৰিখ উকলিল। ১৬ জানুৱাৰীত অব্যাহতি বিচাৰিছিল তেওঁ। আজি ১৭ জানুৱাৰী। কিন্তু এতিয়াও আনন্দ মিশ্ৰই পোৱা নাই ৰিলিজ। আৰক্ষী অধীক্ষকগৰাকীক ৰিলিজ দিয়া নাই ৰাজ্যৰ গৃহ বিভাগে।