হায়দৰাবাদত অনুষ্ঠিত হৈ আছে BCCI বিশেষ বঁটা বিতৰণী অনুষ্ঠান। ইংলেণ্ডৰ বিৰুদ্ধে ৫খন মেচৰ টেষ্ট শৃংখলালৈ মাজত এটা দিন থকাৰ সময়তে অনুষ্ঠিত হৈছে এই বঁটা বিতৰণী সভা।
BCCI Awards 2024 Ceremonyত উজলি অসম সন্তান ৰিয়ান পৰাগ। ২০২৩ চনত বেটিং-বলিঙে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছিল ৰিয়ান পৰাগে। ৰিয়ান পৰাগলৈ ২০২২-২৩ বৰ্ষৰ লালা অমৰনাথ বঁটা। ক্ৰিকেটৰ সীমিত অ’ভাৰৰ খেলত সুন্দৰ অলৰাউণ্ড প্ৰদৰ্শন দাঙি ধৰাৰ বাবে এই বঁটা অসম সন্তান ৰিয়ান পৰাগলৈ।
ৰিয়ান পৰাগৰ লগতে ২০১৯-২০ বৰ্ষৰ বাবে তামিলনাডু বাবা অপৰাজিতক লালা অমৰনাথ বঁটা। আনহাতে ২০২০-২১ আৰু ২০২১-২২ৰ বাবে হিমাচল প্ৰদেশৰ অলৰাউণ্ডাৰ ঋষি ধাৱনক প্ৰদান লালা অমৰনাথ বঁটা।