কাজিৰঙাত গৌৰৱ গগৈৰ সলনি কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী?


 

কলিয়াবৰ লোকসভা সমষ্টিক কাজিৰঙা নামেৰে ন-ৰূপত গঠন কৰাৰ পিছতেই কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে কাজিৰঙাত প্ৰতিদ্বন্দিতা নকৰাটো প্ৰায় নিশ্চিত হৈছে। কংগ্ৰেছৰ ভোটবেংক ৰূপে পৰিচিত চামগুৰি, ৰূপহীহাট আৰু ধিং বিধানসভা সমষ্টিৰ আৰু বটদ্ৰৱা বিধানসভা সমষ্টি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতে সাংসদ গৌৰৱ গগৈয়ে কলিয়াবৰ অৰ্থাৎ কাজিৰঙাৰ সলনি নগাঁও লোকসভাত প্ৰতিদ্বন্দিতা কৰিবলৈ মন মেলিছে। সেয়ে কাজিৰঙাত বৰ্তমান কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব তাক লৈ চলিছে ব্যাপক চৰ্চা চলিছে।


কংগ্ৰেছৰ এক ভিতৰুৱা সূত্ৰ অনুসৰি কাজিৰঙাত এইবাৰ কংগ্ৰেছে চাহ জনগোষ্ঠীয় ভোটাৰক আকৰ্ষিত কৰাৰ বাবেই চাহ জনগোষ্ঠীয় নেতা আৰ্কিয়াছ তিৰ্কিৰ কন্যা তথা সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰুজলীনা তিৰ্কিক প্ৰক্ষেপ কৰিব। ইতিমধ্যে ৰ’জলীনা তিৰ্কিয়ে সেই অনুসৰি কলিয়াবৰ, বঢ়মপুৰ, গোলাঘাট, বোকাখাট আদিৰ চাহজনগোষ্ঠীয় ভোটাৰৰ কাষ চাপিছে। এই অঞ্চলসমূহত বহু সৰু সৰু সভা-সমিতিও অনুষ্ঠিত কৰিছে ৰ’জলীনাই। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰা ৰ’জলীনাক কেন্দ্ৰীয় নেতৃত্বয়ো কাজিৰঙাত আগতীয়াকৈ ভেটি শক্তিশালী কৰাৰ বাবে সেউজ সংকেত প্ৰদান কৰাৰ কথাও কংগ্ৰেছৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Post a Comment

Previous Post Next Post