গুৱাহাটীত বীৰ লাচিত সেনাৰ ৬ জন সদস্যক গ্ৰেপ্তাৰ


 

গুৱাহাটীত বীৰ লাচিত সেনাৰ ৬ জন সদস্যক গ্ৰেপ্তাৰ হৈছে। জালুকবাৰী আৰক্ষীয়ে বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ বৰুৱাসহ ৫ জনক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, এজন বিহাৰী সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰাৰ অভিযোগত আটাইকৈ গ্ৰেপ্তাৰ কৰা হৈছে।

জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বীৰ লাচিত সেনাৰ সদস্যসকলৰ নাম হৈছে তপন কুমাৰ শৰ্মা,  ৰবি দিহিঙীয়া, মতিউৰ ৰহমান, বিক্ৰান্ত কলিতা, মনোজ ডেকা আৰু বিকাশ বৰুৱা।

Post a Comment

Previous Post Next Post