UAEত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি শ্বেখ জায়েদৰ সৈতে বৈঠকত মিলিত



ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্কত এক নতুন অধ্যায়ৰ আৰম্ভণি কৰা সফল যাত্ৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) শুকুৰবাৰে পেৰিছৰ পৰা বিদায় লয়। মোদীয়ে এদিনীয়া ভ্ৰমণসূচীৰে এতিয়া আবু ধাবিত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে সংযুক্ত আৰব আমিৰাটৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে পুৱা ১০.৪৫ বজাত UAEত উপস্থিত হয়। উষ্ম আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰীগৰাকীক। ভাৰতীয় সময় মতে দুপৰীয়া ৩.২০ বজাত দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা হ’ব আৰু বিয়লি ৪.৪৫ বজাত দিল্লীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী।

প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন (Emmanuel Macron) আৰু ফ্ৰান্সৰ জনতাক অসাধাৰণ আতিথ্যৰ বাবে কৃতজ্ঞতা জনায়।

আবু ধাবিলৈ ৰাওনা হোৱাৰ সময়ত মোদীয়ে কয়, ‘‘মোৰ বাবে এই যাত্ৰা অধিক বিশেষ হৈ ৰ’ল কিয়নো মই বেষ্টিল দিৱস সমাৰোহত অংশগ্ৰহণৰ সুবিধা লাভ কৰিলো। ভাৰতীয় দলে পেৰেডত গৌৰৱপূৰ্ণ স্থান পোৱা দেখি অদ্ভুত আছিল।’’

দুদিনীয়া ভ্ৰমণসূচীত মোদীয়ে ফ্ৰান্সত বিভিন্ন অংশীদাৰসকলৰ সৈতে বৈঠকত মিলিত হয়  আৰু দুয়োপক্ষই দুয়োখন দেশৰ মাজত কৌশলগত সম্পৰ্কৰ বুজ লয়। এই ভ্ৰমণকালত  প্ৰধানমন্ত্ৰী মোদীক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক আৰু সামৰিক সন্মান ‘গ্ৰেণ্ড ক্ৰছ অফ দ্য লীজেন অফ অনাৰ’ প্ৰদান কৰা হয়।প্ৰধানমন্ত্ৰী মোদী আৰু মেক্ৰনৰ মাজত হোৱা আলোচনাত প্ৰতিৰক্ষা, শক্তি, উদ্ভাৱন আৰু সাংস্কৃতিক আদান-প্ৰদানকে ধৰি সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰ সামৰি লোৱা হয়। ‘হৰাইজন ২০৪৭ ৰোডমেপ’ গ্ৰহণৰ লগতে দুয়োখন দেশে ভৱিষ্যতৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগী আগবঢ়ায়। যাৰ লক্ষ্য হৈছে নিজৰ মজবুত সম্পৰ্কক আগুৱাই নিয়া আৰু একেলগে এখন উন্নত পৃথিৱীক উদগনি যোগোৱা।

মোদীয়ে টুইটত উল্লেখ কৰে, ‘‘মোৰ বন্ধু, ৰাষ্ট্ৰপতি উমানুৱেল মেক্ৰনৰ সৈতে অতি ফলপ্ৰসূ আলোচনা হয়। আমি ভাৰত–ফ্ৰান্স সম্পৰ্কৰ সম্পূৰ্ণ শৃংখলাৰ সমীক্ষা কৰো। মই সেউজ হাইড্ৰ’জেন, নবীকৰণযোগ্য শক্তি, এআই আৰু অন্যান্য ক্ষেত্ৰত ভৱিষ্যতে সহযোগিতা দৃঢ় কৰাৰ প্ৰতি বিশেষভাৱে আগ্ৰহী।

Post a Comment

Previous Post Next Post