এফালে মন্ত্ৰীয়ে দাবৱ কৰিছে যে উত্তৰ প্ৰদেশৰ পাছত দ্বিতীয় সৰ্ববৃহৎ গৃহ প্ৰৱেশ হব অসমত ৷ কিন্তু কাজিৰঙাত এতিয়ালৈকে সম্পুৰ্ণ নহ’ল অধিকাংশ গৃহ । অসমত একেলগে PMAY আঁচনিৰ অধীনত লাভ কৰা তিনিলাখ গৃহত একেলগে ইতিমধ্যে গৃহপ্ৰৱেশৰ পৰ্ব সম্পূৰ্ণ হ’ল ঠিকেই ৷ কিন্তু কাজিৰঙাৰ ভিতৰুৱা অঞ্চলসমুহত এতিয়ালৈকে হিতাধিকাৰীৰ একাউন্টত ধনেই নোসোমাল ৷
কাৰোবাৰ যদি সোমাইছেও কিন্তু এই পৰ্যন্ত নালাগিল টিনপাত বা কাঠ ৷ কাজিৰঙাৰ অধিকাংশ ঘৰতে আজিও গৃহ প্ৰৱেশ কৰিব পৰা অৱস্থাত নাই ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কালি শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিক শুভাৰম্ভ হোৱাৰ পাছত দিনৰ ১১.৩০ বজাত তিনিলাখ লোকে PMAY ৰ গৃহত প্ৰৱেশ কৰিলে ৷
কিন্তু পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ এইসমুহ গৃহত কিদৰে প্ৰৱেশ কৰিব লোকসকল তাকে লৈ উত্থাপন হৈছে বিভিন্ন প্ৰশ্ন ৷ ইতিমধ্যে গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাসে কৈছে যে উত্তৰ প্ৰদেশৰ পাছত দ্বিতীয় সৰ্ববৃহৎ গৃহ প্ৰৱেশ অসমত ৷ কিন্তু বাস্তৱক্ষেত্ৰৰ ছবিখনে উন্মোচিত কৰিছে উন্নয়নৰ প্ৰকৃত ছবি ৷
ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰখনে ৰাজ্য তথা দেশত দুৰ্নীতি ৰোধ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰি থাকে যদিও সময়ে সময়ে সংবাদ মাদ্যমৰ যোগেদি পোহৰলৈ আহিছে দেশ তথা ৰাজ্যৰ বিয়াগোম কেলেংকাৰীৰ তথ্য ৷ ৰাজ্যত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত গৃহ আৱন্টনৰ নামত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি ৷ দুৰ্নীতিমুক্ত বুলি দাবী কৰা চৰকাৰখনৰ বিপৰীত চিত্ৰ সম্প্ৰতি পোহৰলৈ আহিছে ।এই চক্ৰটোৱে যে তলে তলে এইদৰে এক বৃহৎ লুণ্ঠন চলাই আহিছে সেই কথা নিশ্চিত । গতিকে দুৰ্নীতিৰ শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰখনে, বিভাগীয় মন্ত্ৰীয়ে এই দুৰ্নীতি, অনিয়মত লিপ্ত হোৱা লোকসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়। গতিকে এতিয়াও গৃহপ্ৰৱেশ কৰিবলৈ সক্ষম নোহোৱা কাজিৰঙাৰ ৰাইজে এতিয়া এই লোকসকলকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰিছে ।
