মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত অনুষ্ঠিত ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াড ২০২৩ ত শিলচৰ যোগ নিকেতনৰ ছাত্ৰ প্ৰীতম পালে (১২) ১৪ বছৰ অনুৰ্ধৰ যোগাসন প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি কাছাৰ জিলা আৰু বৰাক উপত্যকাৰ নাম উজ্জ্বল কৰিছে । শিলচৰৰ ৰংপুৰ নিবাসী প্ৰদীপ কুমাৰ পাল আৰু সুপৰ্ণা পালৰ পুত্ৰ প্ৰীতমে পাঁচ বছৰ বয়সৰ পৰাই যোগ ব্যায়ামৰ প্ৰশিক্ষণ লৈ আহিছে ।
তেওঁ যোগ নিকেতনৰ প্ৰশিক্ষক পিংকুৰঞ্জন পালৰ ছাত্ৰ । নিয়মীয়া যোগাভ্যাসৰ ফলত আজি তেওঁ এই সফলতা লাভ কৰিছে । ভূপালত বেক বেণ্ডিঙৰ সকলো ধৰণৰ যোগাসন যেনে- বৃশ্চিকাসন, হস্তশিৰ্ষাসন, লিকাৰাসন, স্কন্ধবীৰাসন, দণ্ডয়ামন বিভক্তাসন, দ্বিপদ সম্প্ৰসাৰণ, ভূমাসন আদি সকলো ধৰণৰ যোগৰ প্ৰদৰ্শন কৰে । কণমানি প্ৰীতমৰ যোগাসনৰ বেলেঞ্চিং দেখিলে যিকোনো ব্যক্তিয়ে আচৰিত হ’ব ।
প্ৰীতমে ইতিমধ্যে বৰাক উপত্যকা তথা ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাতো সফলতা অৰ্জন কৰিছে । বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত তেওঁ অংশ লৈছে । এই সাফল্যৰ বাবে কাছাৰ জিলাৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাই তেওঁক সম্বৰ্ধনা জনায় । মনকৰিবলগা যে ভাৰতবৰ্ষৰ ঋষি-মুনিসকলে নিয়মিতভাৱে যোগাসন কৰিছিল ।
সুষম খাদ্য আৰু যোগাসনৰ জৰিয়তে তেওঁলোকে দীৰ্ঘদিন ধৰি সুস্থ জীৱন যাপন কৰিছিল । কেৱল এয়াই নহয়, মন আৰু শৰীৰ দুয়োটা সুস্থ আৰু সবল হৈ থাকে যোগাভ্যাসৰ ফলত । সেয়েহে দেশত এতিয়াও যোগক অতি গুৰুত্বসহকাৰে লোৱা হয় । ২০১৫ চনত প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বতে যোগ দিৱস পালন কৰা হৈছিল । সংক্ৰমণৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে যোগ দিৱস পালন কৰা হয় ।
