ঐতিহাসিক ভগ্নাৱশেষৰ লগতে তেজপুৰত এতিয়া সুলভ ৰাস্তাৰো ভগ্নাৱশেষ


 

তেজপুৰৰ দৰে এখন আগবঢ়া চহৰৰ বাট-পথৰ দুৰৱস্থাই স্বৰূপ উদঙাইছে বিয়াগোম লোকনিৰ্মাণ বিভাগৰ । তেজপুৰত এতিয়া এনে বহু পথ আছে, য’ত পথৰ মাজত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ভৰি আছে বৰষুণৰ পানীৰে ৷ চহৰৰ মাজমজিয়াৰ বহু পথ ভৰি আছে বোকাৰে ৷

ৰ’দ দিলেই ধূলি, বৰষুণ দিলেই এতিয়া তেজপুৰৰ বহুপথত বোকা-পানী ৷ যিদৰে ঐতিহাসিক চহৰখনৰ ভিন্ন স্থানত হাজাৰ বছৰ পুৰণি ভগ্নাৱশেষ উপলব্ধ, ঠিক সেইদৰেই বহু পথৰ ভগ্নাৱশেষহে দেখা যায় ৷ বৰষুণৰ বতৰত গাঁতবিলাক পানীৰে ভৰি পৰাৰ ফলত পথচাৰী তথা গাড়ী-বাইক চালকসকলে নৰক যন্ত্ৰণা ভূগি আহিছে ৷ উল্লেখযোগ্য যে, পথৰ মাজত থকা গাঁতৰ বাবেই বহু সময়ত সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।

কোনো কোনো পথত গছৰ শুকান ডাল-পাত ভৰাই পথচাৰীক গাঁতটোৰ ক্ষেত্ৰত সাৱধান কৰি ৰখা হৈছে । তেজপুৰৰ পৰুৱাৰ পৰা নপাম সংযোগী গুৰুত্বপূৰ্ণ পথটোৰে লিচু বাগিচাৰ সমীপলৈকে একাধিক স্থান অতি বিপদজনকভাৱে জৰাজীৰ্ণ হৈ পৰিছে । ইফালে তেজপুৰ শিশু চিকিৎসালয়, কৃষিবিজ্ঞান কেন্দ্র, ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠান আদিৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠান সমূহলৈ যাতায়াতৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূর্ণ এই পথসমূহত অন্যান্য যান-বাহনৰ লগতে ট্রাক, ডাম্পাৰ আদিও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ নজিৰ আছে ৷


Post a Comment

Previous Post Next Post