হিন্দু লোকৰ মৃতদেহ সৎকাৰ কৰি ইছলামধৰ্মী ৰাইজে দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন


 

যি সময়ত ৰাজ্যত সাম্প্ৰদায়িক চিন্তাই সমাজখনৰ পৰিৱেশ কলুষিত কৰিছে, সেই সময়তে পৰিলক্ষিত হ’ল সম্প্ৰদায়গত চিন্তাৰ ঊৰ্ধ্বত থাকি এচামে প্ৰদৰ্শন কৰা মানৱতা। এচাম ইছলাম ধৰ্মী লোকে এজন হিন্দুৰ মৃতদেহ সৎকাৰ কৰি দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন।

এই ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ নুনমাটি নিজৰাপাৰত। উল্লেখ্য যে নুনমাটিৰ নিজৰাপাৰৰ বাসিন্দা শিৱ ৰতন পণ্ডিতে কৰ্কট ৰোগত আক্রান্ত হৈ বৃহস্পতিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে। লোকজনক সৎকাৰ কৰিবলৈ হিন্দু লোক আগবাঢ়ি নহাত অঞ্চলটোৰ এদল ইছলাম ধৰ্মী লোক ওলাই আহি মৃত হিন্দু লোকজনক সৎকাৰৰ ব্যৱস্থা কৰে।

হিন্দু ধর্মৰ নিয়ম–নীতিৰ মাজৰে ইছলাম ধৰ্মৰ লোকসকলে একাংশ হিন্দু লোকৰ উপস্থিতিত মৃত পণ্ডিতৰ মৃতদেহটো নৱগ্ৰহ শ্মশানত সৎকাৰ কৰে। ইছলাম ধৰ্মী লোকসকলৰ এনে কাৰ্যই বৰ্তমান সমাজত এক সুস্থ বাতাৱৰণৰ নিদৰ্শন দাঙি ধৰিছে।

Post a Comment

Previous Post Next Post