কাজিৰঙাৰ এনিমেল ক'ৰিডৰৰ আশে-পাশে উচ্চস্বৰত গান বজালেই আপোনাৰ বিপদ অনিবাৰ্য


 

কাজিৰঙাৰ ৰাজপথত জাৰি কৰা হৈছে ১৪৪ ধাৰা ৷ সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গধুৰ যান-বাহন ৰখোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলা পৰিবহন বিভাগৰ লগতে কহঁৰা আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ বাহন ৰখোৱাত বাধা আৰোপ কৰিছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গধুৰ যানবাহন বিশেষকৈ ট্ৰাকসমূহ ৰখাই থোৱাৰ ফলত সৃষ্টি হোৱা অবাঞ্চিত যানজঁট, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নটা এনিমেল ক’ৰিডৰত হ’ব পৰা অপ্ৰয়োজনীয় জনসমাগম, জীৱ-জন্তুৰ সম্ভাব্য ক্ষয়-ক্ষতি, বাৰিষাৰ বতৰত জীৱ-জন্তুৰ সুৰক্ষা সুনিশ্চিত কৰা, বন্যপ্ৰাণীসমূহে ওখ স্থানলৈ যোৱাত যাতে বাধাৰ সৃষ্টি নহয় আৰু সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি হালধিবাৰীৰ পৰা অগৰাতলীলৈকে সুৰক্ষিত এনিমেল ক’ৰিডৰ পানবাৰী আৰু হালধিবাৰীকে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গধুৰ যানবাহন ৰখোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

Post a Comment

Previous Post Next Post