বৃহস্পতিবাৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন(Emmanuel Macron)ৰ আমন্ত্ৰণ মৰ্মে আজি নৈশ আহাৰৰ বাবে লুভৰ সংগ্ৰহালয়ত উপস্থিত থাকিব। এই অনুষ্ঠানত থাকিব ২৫০গৰাকী অতিথি। গৌৰৱৰ কথা যে ইয়াত থাকিব এগৰাকী অসমৰ জীয়াৰীও।
হয়, তেওঁৰ নাম প্ৰিয়ংকা দাস ৰাজকাকতি (Priyanka Das Rajkakati)। প্ৰিয়ংকা সেই আমন্ত্ৰিত অতিথিসকলৰ মাজৰ এগৰাকী নৈশ আহাৰৰ বাবে আমন্ত্ৰিত সন্মানীয় ব্যক্তি। পেৰিচত এগৰাকী মহাকাশ অভিযন্তা (aerospace engineer) ৰূপে কৰ্মৰত প্ৰিয়ংকাই এনে এটা মুহূৰ্তৰ বাবে অত্যন্ত উৎসাহিত।
প্ৰিয়ংকাই এই বিষয়ে জানিবলৈ দিয়ে যে তেওঁ মাতৃয়ে উপহাৰ দিয়া ‘মেখেলা চাদৰ’ পিন্ধি অনুষ্ঠানলৈ যাব। ইয়াৰ লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)ক তেওঁৰ এটা শিল্পকৰ্ম উপহাৰ ৰূপে আগবঢ়াব।
এগৰাকী অসমীয়া হোৱাৰ গৌৰৱৰ কথা উল্লেখ কৰি প্ৰিয়ংকাই এই সুযোগক গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰে। অৱশ্যে এয়া কেৱল তেওঁৰ বাবেই নহয়, অসম ৰাজ্য তথা ৰাজ্যবাসীৰ বাবেও গৌৰৱৰ বিষয়। আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ সন্মুখত নিজৰ গৃহ ৰাজ্যৰ এগৰাকী জীয়াৰীৰ এনে কৃতিত্বই স্বাভাৱিকতে অসমবাসীক সুখী কৰিছে।বৰ্তমান পেৰিছত এৰোস্পেচ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত প্ৰিয়ংকাই গৌৰৱেৰে নিজৰ সংস্কৃতিৰ প্ৰতি থকা প্ৰেমৰ কথা কৈ ভাল পায়। তেওঁ এক সংবাদ মাধ্যমত প্ৰকাশ কৰে এনেদৰে– “মই অধিক যুৱক-যুৱতীক, বিশেষকৈ মহিলাসকলক মহাকাশ বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব বিচাৰোঁ।''
