মন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ খুন্দাত উফৰি পৰিল এম্বুলেন্স! ভয়ংকৰ দুৰ্ঘটনাৰ ভিডিঅ' ভাইৰেল


 

ভিআইপি সংস্কৃতিক লৈ আমাৰ দেশত খুবেই চৰ্চা হয়। গাড়ীৰ চাইৰেন বাজে আৰু পথৰ বাহনে যিকোনো উপায়ে ঠাই এৰি দিবলৈ বাধ্য হয়। এনে বিতৰ্ক আৰু সমালোচনাৰ মাজতে শেহতীয়াকৈ কেৰালাত সংঘটিত এক ঘটনাই আকৌ এবাৰ সাধাৰণ মানুহৰ ক্ষোভৰ সন্মুখত থিয় কৰাইছে ভিআইপি গমনৰ বিষয়টো। কেৰালাৰ থিৰুৱন্তপুৰমত সংঘটিত হৈছে এটা বিশেষ পথ দুৰ্ঘটনা।

থিৰুৱনন্তপুৰমত এগৰাকী ৰাজ্যিক মন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ খুন্দাত এখন ৰোগী কঢ়িয়াই অনা এম্বুলেন্স বাগৰি পৰে। সেই ঘটনাত এম্বুলেন্সত থকা ৰোগীকে ধৰি তিনিজন লোক আহত হয়। ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

খবৰ অনুসৰি কেৰালাৰ শিক্ষামন্ত্ৰী ভি শিৱনকুট্টীৰ কনভয়ৰ সৈতে যোৱা আৰক্ষীৰ পাইলট গাড়ীখনে এম্বুলেন্সখন খুন্দা মাৰে। ভাইৰেল ভিডিঅ’টোত দেখাৰ দৰে ব্যস্ত ট্ৰেফিক পইণ্টত সংঘটিত হৈছে এই দুৰ্ঘটনা। মন্ত্ৰীৰ কনভয় আহি থকাৰ সময়তে কৰ্তব্যৰত আৰক্ষীয়ে বাকী সকলো বাহন ৰখাই দিলে। কিন্তু এম্বুলেন্সখন ৰৈ নাথাকিল। নোৰোৱাটোৱে স্বাভাৱিক। তাৰ পিছতে আৰক্ষীৰ গাড়ীখনে এম্বুলেন্সত মাৰে খুন্দা।এই খুন্দাৰ প্ৰভাৱ ইমানেই বেছি যে পথত দুবাৰকৈ বাগৰি পৰে এম্বুলেন্সখন। ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে কৰ্তব্যৰত আৰক্ষীজন এম্বুলেন্সৰ তলত সোমাই যোৱাৰ পৰা কথমপি ৰক্ষা পৰে।


Post a Comment

Previous Post Next Post