প্ৰেমৰ জোৰত বাংলাদেশৰ পৰা পলাই ভাৰত পালেহি প্ৰেমিকা! তাৰ পিছত প্ৰেমি যি কৰিলে, শুনিলে গাৰ নোম শিয়ৰি উঠিব



 প্ৰেমৰ বাবেই কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ বাংলাদেশৰ পৰা ভাৰতলৈ আহিছিল এগৰাকী যুৱতী। কিন্তু সেই প্ৰেম কপালত নাছিল। ভাৰতলৈ আহিয়ে প্ৰেমিকৰ আচল উদ্দেশ্য জানিব পাৰি পলায়ন কৰিলে যুৱতীগৰাকীয়ে। জানিব পৰা মতে, প্ৰায় আঢ়ৈ মাহ পূৰ্বে ভাৰতীয় যুৱক শচীনৰ প্ৰেমত বলিয়া হৈ অবৈধভাৱে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল শাপলা আখতাৰ নামৰ যুৱতীগৰাকী। ইয়াৰ পিছত প্ৰেমিৰ সৈতে সুখেৰেই দিন কটাইছিল। কিন্তু ইয়াৰ পিছতে এদিন হঠাৎ যুৱতীগৰাকীয়ে জানিব পাৰে যে তেওঁৰ প্ৰেমিকে তেওঁক নেপালত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে। আৰু তেতিয়াই মূৰত সৰগ ভাগি পৰে যুৱতীগৰাকীৰ।

আৰক্ষীৰ সূত্ৰ অনুসৰি, চাহ বাগানৰ সংলগ্ন অঞ্চলত বাস কৰি থকাৰ সময়ত শাপলাই নেপালত বিক্ৰী কৰাৰ কথা কোনোপ্ৰকাৰে শুনিবলৈ পায়। তাৰ পিছতে সন্দেহ হয়। প্ৰেমিকৰ সৈতে সংসাৰৰ নাটক আছিল কেৱল নেপাললৈ সৰবৰাহৰৰ এক কৌশলহে। ঘটনাৰ অনুমান কৰিব পাৰি শাপলাই কেই অঞ্চলৰ পৰা পলাই কোনো প্ৰকাৰে শিলিগুৰিৰ জংছন ষ্টেচনত উপস্থিত হয়।


তাত স্বেচ্ছাসেৱী সংগঠনৰ সদস্যৰ চকুত পৰে শাপলা। ইয়াৰ পিছতে যুৱতীগৰাকীক প্ৰধাননগৰ থানাৰ আৰক্ষীৰ হাতত চমজাই দিয়ে স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলে। অবৈধভাৱে ভাৰতত প্ৰৱেশৰ অভিযোগত যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে শিলিগুৰি আদালতত হাজিৰ কৰোৱা হয়। লগতে অভিযুক্ত যুৱকজনৰ সন্ধানত বিভিন্ন স্থানত তালাচী আৰম্ভ কৰিছে প্ৰধাননগৰ আৰক্ষীয়ে।ঘটনাক কেন্দ্ৰ কৰি শিলিগুৰি আৰক্ষী কমিচনাৰেট এডিচিপি শুভেন্দ্ৰ কুমাৰে জনায়, ‘তদন্তৰ স্বাৰ্থত সকলো কোৱা সম্ভৱ নহয়। কিন্তু শাপলাৰ ওচৰত ভাৰতৰ কোনো বৈধ কাগজ–পত্ৰ নথকাৰ বাবে জে’ললৈ প্ৰেৰণ কৰা হৈছে।

Post a Comment

Previous Post Next Post