নৈৰ পাৰত দুই শিশুৰ মৃতদেহ, মাটিত পোত খাই থকা অৱস্থাত উদ্ধাৰ দুয়োৰে মৃতদেহ


 

ডুমডুমাত নৈৰ দাঁতিত মাটিত পোত যোৱা অৱস্থাত দুই শিশুৰ মৃতদেহ উদ্ধাৰ। মৃতদেহ দুটা ডুমডুমাৰ সমীপৰ ফটিকজান গান্ধীবস্তিৰ ৰাহুল মুণ্ডা আৰু বিৰাজ মুণ্ডা নামৰ দুই শিশুৰ বুলি চিনাক্ত। দুয়োটি শিশুৰ বয়স ১০ বছৰ বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰ পুৱাৰ পৰা সন্ধানহীন হৈ আছিল চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ দুজন। আজি ডুমডুমা নৈৰ কাষত মাতিৰ তলৰ পৰা স্থানীয় লোকসকলে উদ্ধাৰ কৰে মৃতদেহ। ডুমডুমা নৈত সাঁতুৰিবলৈ গৈ নদীৰ গৰা খহি ছাত্ৰ দুজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।


Post a Comment

Previous Post Next Post