জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত আছে। চিবিআয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত। চিবিআয়ে পুনৰ জেৰা চলালে কণিষ্টবল অনিল ভূঞাক। নগাঁও সদৰ থানাৰ গাড়ীচালক ভূঞাক পুৱাৰে পৰা জেৰা অব্যাহত ৰাখিছে। ভাইৰেল অডিঅ’ সন্দৰ্ভত জেৰা চলাইছে চিবিআয়ে। জোনমণি ৰাভাক নগাঁও আৰক্ষীয়ে হত্যা কৰাৰ অভিযোগ তুলিছিল ভূঞাই। নগাঁও আৱৰ্ত ভৱনত বৰ্তমানো ভূঞাক জেৰা চলাই আছে তদন্তকাৰী দলটোৱে।
উল্লেখযোগ্য যে জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে ভাইৰেল হৈছিল অনিল ভূঞাৰ এটা অডিঅ’ ক্লিপ। এই অডিঅ’ ক্লিপত জোনমণি ৰাভাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল কনিষ্টবল অনিল ভূঞাই। অনিল ভূঞাৰ এই অডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছিল। অনিল ভূঞাই এই অডিঅ’ ক্লিপটো নিজৰ বুলি স্বীকাৰ কৰিছিল আৰক্ষীৰ আগত। এই ঘটনা সন্দৰ্ভত আজি পুনৰ অনিল ভূঞাক জেৰা কৰিছে চিবিআয়ে। বৰ্তমান জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চিবিআয়ে চলাই আছে।
