খাকী পোছাকত দাগ লগোৱা আৰক্ষীক কঠোৰ সকীয়নি জি পি সিঙৰ


 

অসম আৰক্ষীক উদ্দেশ্যি ‍বিশেষ বাৰ্তা দিলে আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে। খাকী পোছাকৰ মান–মৰ্যাদা অক্ষুণ্ণ ৰখাৰ আহ্বান। খাকীৰ প্ৰতি ৰাইজৰ বিশ্বাস আৰু সন্মান অক্ষুন্ন ৰাখিব লাখিব বুলি কয় জি পি সিঙে। ইউনিফ’ৰ্মৰ মৰ্যাদা-বিশ্বাসক হেয় কৰা কোনো কামক প্ৰশ্ৰয় দিয়া নহ’ব বুলি সকীয়াই দি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে কথাৰে নহয় কামেৰে খাকীৰ মৰ্যাদা ৰাখিব লাগিব।

নাৰী নিৰ্যাতনক লৈ কঠোৰ জি পি সিং। জয়মতী-কনকলতাৰ দেশত নাৰীক যৌন আতিশয্য সহ্য কৰা নহ’ব বুলি মন্তব্য কৰি জি পি সিঙে কয়, নাৰীৰ বিৰুদ্ধে কোনো অপৰাধ সহ্য কৰা নহ’ব। থানা আৰু আৰক্ষীৰ কাৰ্যালয়ত সন্মান নিশ্চিত কৰিব লাগিব নাৰীৰ।

নাৰী নিৰ্যাতনক লৈ আৰক্ষীলৈ সতৰ্কবাণী DGPৰ। থানা আৰু আৰক্ষীৰ কাৰ্যালয়ত মহিলাক অশালীন আচৰণ নকৰিব। মহিলাৰ বিৰুদ্ধে আৰক্ষীৰ যৌন অপৰাধ অশালীন আচৰণ সহ্য কৰা নহ’ব। শিশু আৰু দুৰ্বল শ্ৰেণীৰ লোকৰ মাজতো একেই নিয়ম প্ৰযোজ্য হ’ব।

আৰক্ষী থানা আৰু কাৰ্যালয়ক পবিত্ৰ স্থান বুলি গণ্য কৰাৰ আহ্বান ডিজিপিৰ। নিচাসক্ত হৈ থানাৰ পবিত্ৰতা নষ্ট নকৰিবলৈ সকীয়নি দিয়াৰ লগতে উপঢৌকন গ্ৰহণ কৰি থানা-কাৰ্যালয়ৰ পবিত্ৰতা কলুষিত নকৰাৰো আহ্বান জনায়।

ডিজিপি জি পি সিঙে কয়, আৰক্ষীয়ে আত্মনিয়ন্ত্ৰণ আৰু আত্নসংযম ৰক্ষা কৰিব লাগিব। একাংশ আৰক্ষীয়ে অপৰাধজনিত ঘটনাক প্ৰশ্ৰয় দি আছে। একাংশ আৰক্ষী বিষয়াই কনিষ্ঠসকলক ধন সংগ্ৰহত লগাইছে। অবৈধ ধন সংগ্ৰহত কনিষ্ঠত ব্যৱহাৰ কৰিছে বিষয়াসকলে। বাটে-পথে ধন সংগ্ৰহ, সংগঠিত অপৰাধত জড়িত কৰাইছে। এই বিষয়াসকলে আৰক্ষী বিষয়াসকলৰ বদনাম মাতিছে।

Post a Comment

Previous Post Next Post