শেহতীয়াকৈ অসমত বদৰুদ্দিন আজমলৰ কেইটামান বক্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ মুখ্যমন্ত্ৰীৰ পিছত বদৰুদ্দিন আজমলক ইজনৰ পিছত সিজন বিজেপি নেতাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ এইবাৰ বিজেপিৰ প্ৰাক্তন বিধায়ক তথা ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেবে বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰৰ দাবী কৰিছে।
শিলাদিত্য দেবে কয় যে, ‘‘তেওঁলোকৰ জনসংখ্যা যে বহুত বাঢ়ি গ’ল তেওঁলোকৰ কথাতে গম পায়। অতি ঘৃণনীয় কথা কয় আজিকালি বদৰুদ্দিন আজমলে ৷ বদৰুদ্দিন আজমলক জে’লত ভৰাব লাগে ৷ পাৰিলে মানুহক কৈ পিটন দিয়াব লাগে আজমলক ৷’’ লগতে শিলাদিত্যই ক’লে, ‘‘ UCCৰ কথা আহিলে কিহৰ মাংসৰ কথা কয়, কিহৰ কাপোৰৰ কথা কয়? আপোনালোকে শাৰী পিন্ধে জানোঁ, আপোনালোকেতো বোৰ্খাহে পিন্ধে ৷’’
ইমানেই নহয় শিলাদিত্য দেবে লগতে ক’লে, ‘‘আজমলৰ ইনষ্টিটিউট বিলাকত চকু দিব লাগে তাতো মাদ্ৰাছাৰ শিক্ষা দিয়ে চাগৈ। এজন মিঞাই অসমীয়া জাতিক যি তাচ্ছিল্য কৰিছে এতিয়াই শিক্ষা নিদিলে নহ’ব। আজমলৰ হাস্পতালত কিডনী, লিভাৰৰ বেপাৰ চলি আছে নেকি সেইয়া চকু দিব লাগে।’’
মুখ্যমন্ত্ৰীৰ বক্তব্যক সমৰ্থন জনাই লগতে ক’লে, ‘‘মিঞাই সকলোতে জেহাদ চলাই আছে। পাচলি নিজে খাবলৈ বেলেগ, আমাক খুৱাবলৈ বেলেগ। আমাক খুৱাবলৈ ভয়ংকৰ সাৰ প্ৰয়োগ কৰে ৷ মাছৰ ক্ষেত্ৰতো একেই ৷ নিজৰ কাৰণে বেলেগ আৰু আমাক খুৱাবলৈ বিপদজনক ৰসায়ণিক সামগ্ৰী প্ৰয়োগ কৰে মাছত। মিঞাক খেদিব নোৱাৰিলে অসম নাবাচিব। ৮০% হিন্দু থকা দেশখনত হিন্দুৱে কিবা ক’লে তেওঁলোকে মানিবনে? UCC সংবিধান পালন কৰি কাম কৰা হৈছে। ইকনমিক জেহাদো চলাইছে সিহঁতে ৷ পুখুৰী, পাচলি সবতে সিহঁতে আমাক ধ্বংস কৰাৰ কাৰণে ৰসায়নিক সাৰ প্ৰয়োগৰে জেহাদ কৰিছে ৷"
