লোকসভাৰ নিৰ্বাচনৰ পিছত অসম মন্ত্ৰীসভাৰ বৃহৎ সালসলনিৰ সম্ভাৱনা আছে। নতুন দিল্লীত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘লোকসভা নিৰ্বাচনৰ আগত মন্ত্ৰীসভাৰ কোনো সম্প্ৰসাৰণ নহয়। কিন্তু লোকসভা নিৰ্বাচনৰ পিছত, বিধানসভা নিৰ্বাচনৰ পূৰ্বে ডাঙৰ পৰিৱৰ্তন থাকিব। কিন্তু লোকসভা নিৰ্বাচনৰ আগত মন্ত্ৰীসভাৰ কোনো পৰিৱৰ্তন নহয়।’’
ৰাজ্যিক সভাপতিৰ পৰিৱৰ্তন সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ৰাজ্যিক সভাপতিৰ পৰিৱৰ্তনো লোকসভা নিৰ্বাচনৰ আগতে নহয়। ৰাজ্যিক সভাপতি কেতিয়াও আধাতে পৰিৱৰ্তন নহয়, তেওঁৰ এটা কাৰ্যকাল থাকে আৰু কাৰ্যকাল সম্পূৰ্ণ কৰে। তেনে ধৰণৰ প্ৰয়োজন সাধাৰণতে নাথাকে। অসমত ইমানৰ প্ৰয়োজনীয়তাও নাই। লোকসভা নিৰ্বাচন আমি সুন্দৰকৈ পাৰ কৰি দিম।
ইফালে, দিল্লীৰ বানপানীৰ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ডাঙৰ ডাঙৰ মহানগৰীত এনেধৰণৰ বানপানী হয়েই। কেইদিনমান পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে অসমলৈ গৈ উপলুঙা কৰাৰ সময়ত এনে অৱস্থা হ’ব বুলি ভবা নাছিল। তেখেতৰ লগত দিল্লী ফুৰিম বুলি মই ৬ মাহ অপেক্ষা কৰি আছিলো, কিন্তু বৰ্তমান পৰ্যন্ত নিমন্ত্ৰণ লাভ নকৰিলো।
উল্লেখযোগ্য যে শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গৃহমন্ত্ৰীক অসমৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ লগতে মুকলি কৰি দিয়া ৩৪০.৪০ কোটি পুঁজিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
দিল্লীত অসমৰ সাংস্কৃতিক প্ৰকল্প আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে মাটি বিচাৰি দিল্লীৰ উপ–ৰাজ্যপালকো সাক্ষাৎ কৰে হিমন্ত বিশ্ব শৰ্মাই।আনহাতে, আজি পূৱা ২ অক্টোবৰত ৰোপণ কৰিবলৈ ১ কোটি গছপুলি বিচাৰি কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱক সাক্ষাৎ কৰে হিমন্ত বিশ্ব শৰ্মাই।
সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত যদি কিবা আপত্তি আছে তেন্তে নিৰ্বাচন আয়োগক ১৯,২০,২১ত দিব পাৰিব। চৰকাৰৰ পৰামৰ্শ ইতিমধ্যে দিয়া হৈছে।
