বন্ধ ঘৰৰ পৰা পচা গোন্ধ! ফ্লেটৰ পৰা উদ্ধাৰ অভিনেতাৰ মৃতদেহ


 

মাৰাঠী অভিনেতা ৰবীন্দ্ৰ মহজনীৰ মৃত্যু। শুকুৰবাৰে বৰ্ষীয়ান অভিনেতাজনৰ মৃতদেহ উদ্ধাৰ হয় পুনেৰ তালেগাঁৱৰ ফ্লেটৰ পৰা। জানিব পৰা মতে, বিগত আঠ মাহ ধৰি অকলে আছিল। কিছুদিন ধৰি ফ্লেটৰ পৰা দুৰ্গন্ধ ওলাইছিল। শুকুৰবাৰে চাৰে চাৰিটা বজাত প্ৰতিবেশীয়ে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে অভিনেতাজনৰ মৃতদেহ উদ্ধাৰ হয়।

তালেগাঁও এমআইডিচি আৰক্ষী থানাৰ এটা দল ৰবীন্দ্ৰৰ ফ্লেটত উপস্থিত হয়। ইয়াৰ পিছত দুৱাৰ ভাঙি তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। কিন্তু ধাৰণা কৰা হৈছে, মৃতদেহটো উদ্ধাৰৰ তিনিদিন পূৰ্বেই মৃত্যু হৈছিল তেওঁৰ। ৰবীন্দ্ৰৰ পৰিয়ালক তেওঁৰ মৃত্যুৰ খবৰ দিয়া হয়। বৰ্তমান তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

সত্তৰৰ দশকৰ পৰা মাৰাঠী ছবি জগতৰ অংশ ৰবীন্দ্ৰ। ৰবীন্দ্ৰই তেওঁৰ দীঘলীয়া কেৰিয়াৰত বহুতো চলচ্চিত্ৰত অভিনয় কৰিছে। ইয়াৰ ভিতৰত আছে ‘মুম্বাইচা ফৌজদাৰ’, ‘কালাত নাকালাত’। তেওঁ ২০১৯ চনত ‘পানীপথ’ত অভিনয় কৰিছিল। ৰবীন্দ্ৰৰ পুত্ৰ গছমিৰ মহাজনীও এজন অভিনেতা।

Post a Comment

Previous Post Next Post