Panchayat Election 2023 : ৰক্তাক্ত বংগ, নিৰ্বাচনী হিংসাত এতিয়ালৈ প্ৰাণ হেৰুৱালে ১০জনে



 পঞ্চায়ত নিৰ্বাচনক লৈ পশ্চিম বংগত ব্যাপক নিৰ্বাচনী হিংসা। নিৰ্বাচনী হিংসাৰ বলি হৈ এইপৰ্যন্ত ১০জন লোকে প্ৰাণ হেৰুৱালে ৰাজ্যখনত। এইবাৰ নদিয়াত মৃত্যু এজন লোকৰ। নদিয়াৰ চাপৰাত বড় আন্দুলিয়া হাইস্কুলৰ ১০০নং বুথত গুলীচালনাৰ অভিযোগ বিৰোধীৰ। শাসক দলৰ বিৰুদ্ধে স্কুলখনৰ ১০০ নং বুথত গুলী চলোৱাৰ অভিযোগ তুলিলে বিৰোধীয়ে। এতিয়ালৈ ৰাজ্যখনত নিৰ্বাচনী হিংসাত ১০জন লোকৰ মৃত্যু হৈছে।

আটাইতকৈ অশান্ত হৈছে মুৰ্ছিদাবাদ। এতিয়ালৈ মুৰ্ছিদাবাদত মৃত্যু হৈছে তিনিজনৰ। মালদহত মৃত্যু হৈছে এজনৰ। ভোটগ্ৰহণৰ দিনটোত কোচবিহাৰত নিহত হৈছে দুজন লোক, উত্তৰ ২৪ পৰগনাত নিহত হৈছে আন এজন। ইয়াৰ উপৰি পূব বৰ্ধমানত মৃত্যু হৈছে এজন লোকৰ। ইয়াৰ পিছতে মৃত্যুৰ খবৰ আহিছে নদিয়াৰ চাপৰাৰ পৰা। চাপৰাত মৃত্যু এজন লোকৰ।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি নানা ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। কোনো কোনো স্থানত ভোটগ্ৰহণৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্তাপন হৈছে। ক’ৰবাত পানী পেলাই দিয়া হৈছে বেলট পেপাৰ, ক’ৰবাত আকৌ জ্বলাই দিয়া হ’ল বেলট বাকচ। দিনহাটাৰ একাধিক বুথত মুকলিকৈ বেগত বোমা লৈ ঘূৰি ফুৰা দেখা গৈছে। যাৰ ফলত আতংকিত হৈ পৰিছে ভোটাৰসকল।

Post a Comment

Previous Post Next Post