আপুনি এটা ভোট জলকীয়া কেইদিনলৈ খায় ? অন্ততঃ এটা দিনত নিশ্চয় এটা ভোট জলকীয়া আপোনাৰ শেষ নহয় ৷ শেষ কৰিবই বা কেনেকৈ ! যিহে জ্বলা ! সাধাৰন মানুহে এটা ভোট জলকীয়া কমেও দুই তিনি দিনলৈ খায়। কিন্তু কাৰ্বি আংলঙৰ মাইছিং লেকথেৰ কথাই বেলেগ। এওঁৰ ভোট জলকীয়াৰ লগত সম্পৰ্কই সম্পূৰ্ণ পৃথক আৰু অসাধাৰণ।
এটা-দুটাতো বাদেই দিয়ক, এখেতে এক-দুই কিলোগ্ৰাম ভোট জলকীয়া একে বহাতে খাব পৰাৰ “ক্ষমতা” আছে ৷ কেৱল খোৱাই নহয় গায়ে মূৰে সানিও ল’ব পাৰে কিলোৱে কিলোৱে ভোট জলকীয়া ৷ কাৰ্বি আংলঙৰ মাইছিং লেকথে এগৰাকী প্ৰতিভাবান শিল্পীও ৷ চিৰ সেউজ কাৰ্বি আংলঙত ১৯৭৭ চনৰ ১০ অক্টোবৰত ৱলংকম আজি (বকলীয়াঘাট) পৰা ৮ কিলোমিটাৰ দূৰৰ কংযোগ আথই লেকথে গাঁৱত তেওঁৰ জন্ম ।মাইছিং লেকথে সৰুৰে পৰা সংগীতৰ প্ৰতি ৰাপ আছিল। কিন্তু ঘৰৰ অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে সংগীতৰ চৰ্চা কৰিব পৰা নাছিল। ইয়াৰ উপৰিও মাইছিঙে ঘৰতে কেছেট, ৰেডিঅ’ আদিৰ পৰা গীত শুনি শিকিবলৈ আৰম্ভ কৰে। পিছৰ সময়ত কাৰ্বি যুৱ মহোৎৱত একক গীতৰ প্ৰতিযোগিতাত ভাগ লয়। তাৰ পৰা মাইছিং লকথেই পিছলৈ আৰু ঘূৰি চাব লগা হোৱা নাই।
“নেপী লংৰী” নামৰ কাৰ্বি বোলছবিখনত ‘ৱলোৰি দেই ৱলোৰি’ গীতত কণ্ঠ কৰি জনপ্ৰিয় হৈ পৰে শিল্পীগৰাকী ৷ ইয়াৰ উপৰিও নট ৰেচিবোল, নেদেদ আমনিত আদি বহু গীতত তেওঁ কণ্ঠদান কৰে। মাইছিং লেকথে বৰ্তমান কাৰ্বি সংস্কৃতিৰ ৱলংকম আজি (বকলীয়া) শাখাৰ লগত জড়িত হৈ আছে। এইগৰাকী শিল্পীয়ে ভোট জলকীয়া খোৱাৰ উপৰি শৰীৰত ঘহিলেও কোনো ধৰনৰ জ্বলা অনুভৱ নকৰে।মাইছিং লেকথেই সৰুকালৰে পৰা ভোট জলকীয়া ভাল পায়। তেওঁৰ বাবে ভোট জলকীয়াবোৰ জ্বলা নহয় বৰঞ্চ মিঠাহে ৷ মাইছিঙে পেট ভৰাই জলকীয়া খাব পাৰে। এক দুই কিলোগ্ৰাম জলকীয়া খোৱাৰ পাছত মাইছিঙৰ কোনো পেটৰ সমস্যা বা স্বাস্থৰ অসুবিধাও নহয়।
