মেৰাপানীত এবাৰ নহয় দুবাৰকৈ দুজন মুখ্যমন্ত্ৰীয়ে কৃষি মহকুমা কাৰ্যালয় উদ্ধোধন কৰিছিল। কিন্তু ইয়াৰ পাছতো আজিলৈকে কাৰ্যক্ষম নহ’ল মেৰাপানী কৃষি মহকুমা কাৰ্যালয়টো। ফলত বছৰ বছৰ ধৰি কৃষি বিভাগৰ বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে মেৰাপানীৰ ৰাইজ।
ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ জিলাৰ মেৰাপানীৰ কৃষি মহকুমা কাৰ্যালয়ৰ দুৰৱস্থা। বিত্তমন্ত্ৰী অজন্তা নেওগৰো নিজা সমষ্টিৰ এই কাৰ্যালয়টো বছৰ বছৰ ধৰি কাৰ্যক্ষম হৈ উঠা নাই। জানিব পৰা মতে, মাত্ৰ এজন অস্থায়ী কৰ্মচাৰীৰেই বিয়াগোম কৃষি বিভাগৰ কাৰ্যালয়টো চলিছে
দৈয়াং মেৰাপানীৰ বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ দীৰ্ঘদিনীয়া দাবী ২০০১ চনতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই কৃষি মহকুমাৰ কাৰ্যালয়টি উদ্ধোধন কৰিছিল। তাৰ পাছতো পৰিত্যক্ত কাৰ্যালয়ত পৰিণত হ’ল কাৰ্যালয়টো। চৰকাৰ আহিল আৰু গ’ল। কিন্তু কাৰ্যালয়টোলৈ কোনো বিষয়া কৰ্মচাৰী নাহিল বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ পাছতো ২০১০ চনত কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্ধোধন কৰি পুনৰবাৰ কাৰ্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও মুৰকত জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিলে মেৰাপানী কৃষি মহকুমা কাৰ্যালয়ে।উল্লেখ্য যে, গোলাঘাট জিলাৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰাই দ্বায়িত্ব পালন কৰি আহিছে কৃষিসম্প্ৰসাৰন বিষয়া গৰাকী আৰু সহকাৰী পৰিৰ্দশক দুয়োজনে। অভিযোগ অনুসৰি নিয়মমাফিক মাহেক-পষেকে পৰিত্যক্ত কাৰ্যালয়টোত এপাক মাৰে যদিও ইয়াত নাই কাগজ পত্ৰ, আচবাব, গুদাম গৃহ অথবা কোনো কৃষিৰ সামগ্ৰী বা বীজ। সেয়েহে বৰ্তমানৰ আহু-শালি খেতিৰ কামৰ মাজতেই সাধাৰণ কাম এটাৰ কাৰণেই দৈয়াঙৰ এঘাৰ খন পঞ্চায়তৰ কৃষকে ঢাপলি মেলিব লাগে গোলাঘাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়লৈ।
এনেদৰে পথাৰৰ কাম এৰি ঢপলিয়াই অহা কৃষকে সাৰ, দৰব , স্প্ৰে মেশ্বিন বা বীজ বিচাৰি অহাৰ নামতো হাবাথুৰি খাব লগা হয়। ফলস্বৰূপে কৃষিমন্ত্ৰী অতুল বৰা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগক কৃষি মহকুমা কাৰ্যালয়টি পুনৰোজ্জ্বিৱিত কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।
