সোণ-ৰূপ নহয়। এইবাৰ চোৰৰ চকু বিলাহীত। সমগ্ৰ দেশৰ লগতে অসমতো বিলাহীৰ চৰা দামে সাধাৰণ ৰাইজক অতীষ্ঠ কৰিছে। এনে সময়তে দেশত সংঘটিত বিলাহী চুৰিৰ এক ঘটনাই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। ঘটনাটো অৱশ্যে কৰ্ণাটকৰ। এগৰাকী মহিলাৰ খেতিপথাৰৰ পৰা আঢ়ৈ লাখ টকাৰ বিলাহী চুৰি হোৱাৰ ঘটনা সংঘটিত হৈছে। বিগত ৪ জুলাইৰ নিশা কৰ্ণাটকৰ হাছান জিলাৰ গনি সোমনাহল্লী গাঁৱৰ খেতি পথাৰৰ পৰা ৫০-৬০ বেগ বিলাহী লৈ পলায়ণ কৰে চোৰে। মহিলা কৃষক ধৰিনীয়ে দিয়া এজাহাৰৰ ভিত্তিত ইতিমধ্যে হালেবিডু থানাত বিলাহী চুৰিৰ গোচৰ ৰুজু হৈছে।
ধৰিনীয়ে জনোৱা অনুসৰি বিলাহীৰ দাম প্ৰতি কেজিত ১২০ টকাৰ ওপৰত চলি থকাৰ সময়তে ধৰিনীয়ে খেতিপথাৰৰ শস্য চপাই বেংগালুৰু বজাৰলৈ নিবলৈ সাঁজু হৈছিল। পিছে ৪ জুলাইৰ নিশা চোৰৰ দলে আহি সমগ্ৰ শস্য চুৰি কৰি লৈ যায়। তেওঁ লগতে কয়, বিলাহীৰ খেতি লাভজনক হোৱাৰ বাবে অধিক সুতৰ হাৰত ঋণ লৈ বিলাহীৰ খেতি কৰিছিল। কিন্তু চোৰৰ দলটোৱে বিলাহী চুৰি কৰি লৈ যোৱাৰ লগতে সমগ্ৰ খেতি পথাৰো নষ্ট কৰি পেলোৱাৰ ফলত তেওঁ দিশহাৰা হৈ পৰিছে।
আনহাতে হালেবিডু আৰক্ষীয়ে ক’লে- সুমথিৰা আৰু অন্যান্য ব্যৱসায়িক শস্য চুৰি হোৱাৰ কথা আমি শুনিছিলোঁ, কিন্তু বিলাহী চুৰি কৰা বুলি কেতিয়াও শুনা নাছিলোঁ। আমাৰ থানাত বিলাহী চুৰি সন্দৰ্ভত ৰুজু হোৱা এইটোৱে প্ৰথম গোচৰ। ইপিনে ধৰণিৰ পুত্ৰই ৰাজ্য চৰকাৰক ক্ষতিপূৰণৰ বাবে অনুৰোধ জনাইছে।
উল্লেখনীয় যে, সমগ্ৰ দেশৰ লগতে কৰ্ণাটকতো বিলাহীৰ মূল্য আকাশলংঘী হৈ পৰিছে। কৰ্ণাটকৰ বজাৰত ১০০ টকাৰ পৰা ১৫০ টকা পৰ্যন্ত হৈছেগৈ বিলাহীৰ দৰ।
