গোৱালপাৰাৰ আগিয়াত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে মৃত্যু স্বামী–স্ত্ৰীৰ


 

গোৱালপাৰা আগিয়াত পুৱা ভয়ংকৰ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটি লয় এহাল স্বামী–স্ত্ৰীয়ে। গেছ পৰিবাহী এখন বাহনৰ সৈতে এখন Maruti Brezza বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত মৃত্যুক সাবটি লয় স্বামী–স্ত্ৰীয়ে। পুৱা ৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।

এই দুৰ্ঘটনাত পৱিত্ৰ পোদ্দাৰ আৰু তেওঁৰ পত্নী মল্লিকা পোদ্দাৰৰ মৃত্যুৰ হোৱাৰ লগতে আহত হয় তিনিজন লোক। আহতকেইজন আতোৱাৰ ৰহমান, অভিবেচ কুমাৰ সিংহা আৰু মত্তো সাহা। মাৰুতি ব্ৰেজ্জাখন গুৱাহাটীৰ পৰা ধুবুৰীৰ দিশে আহি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত মাৰুতি বাহনখনৰ নম্বৰ ML 05AA 1344 আৰু গেছ পৰিবাহী বাহনখনৰ নম্বৰ AS 26C 9382। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

Post a Comment

Previous Post Next Post