পঞ্চায়ত নিৰ্বাচনৰ দিনাই পশ্চিম বংগৰ মুৰ্ছিদাবাদত হত্যাকাণ্ড। শনিবাৰে পুৱা মুৰ্ছিদাবাদ জিলাৰ খড়গ্ৰাম থানাৰ অন্তৰ্গত ৰতনপুৰ নলদীপ গাঁৱত তৃণমূল কংগ্ৰেছ কৰ্মীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে দুৰ্বৃত্তই। আৰক্ষীৰ মতে, মৃত লোকজনৰ নাম সতোৰুদ্দিন শ্বেখ। নিৰ্বাচনৰ দিনা পুৱা ঘৰতে শুই আছিল লোকজন। সেই সময়তে কংগ্ৰেছ কৰ্মীয়ে তেওঁক মাতি আনি হত্যা কৰাৰ অভিযোগ উঠিছে।
উল্লেখযোগ্য যে পঞ্জায়ত নিৰ্বাচনৰ মনোনয়নৰ প্ৰথম দিনাই শুকুৰবাৰে গুলীবিদ্ধ হৈ মৃত্যু হয় কংগ্ৰেছ কৰ্মী ফুলচান্দ শ্বেখৰ। তাৰ পিছতে সেই খড়গ্ৰামৰ নলদীপ গাঁৱত পুনৰ নিৰ্বাচনৰ দিনা সংঘটিত হ’ল হত্যাকাণ্ড। শুকুৰবাৰে নলদীপ গাঁৱলৈ গৈছিল ৰাজ্যপাল চি ভি আনন্দ বসু। কিন্তু তাৰ পিছতে এই হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আনহাতে, খড়গ্ৰামৰ শুলিতলা অঞ্চলত সংঘটিত হয় গুলীচালনাৰ ঘটনা। অভিযোগ মতে, তৃণমূলৰ কৰ্মীক উদ্দেশ্য কৰে গুলীচালনা কৰে কংগ্ৰেছ কৰ্মীয়ে। আহত লোকজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে কংগ্ৰেছে।
ইছলামপুৰ থানাৰ হেৰামপুৰ নতুনপাৰাত গুলীবিদ্ধ হয় দুই কংগ্ৰেছ কৰ্মী। গুৰুতৰভাৱে আহত অৱস্থাত দুয়োকে প্ৰথমে লালবাগ মহকুমা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পিছত বহৰমপুৰত মুৰ্ছিদাবাদ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়। ছালামপুৰত গুলীবিদ্ধ হয় তৃণমূল কৰ্মী মুজফৰ হুছেইন। আহত লোকজনক ইছলামপুৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইছলামপুৰৰ ঝাড়বাৰী অঞ্চলত এই ঘটনা সংঘটিত হৈছে।আনহাতে, ডোমকলত পুৱাই সংঘটিত হ’ল গুলীচালনাৰ ঘটনা। ডোমকলৰ ৮নং ৰায়পুৰ অঞ্চলৰ কুপিলা বিশ্বাসপাৰাত এই ঘটনা। এই ঘটনাত আহত হয় দুজন লোক। আহত দুজন হ’ল ছোহেল ৰানা আৰু আমৰুল বিশ্বাস দুয়োজন তৃণমূল কৰ্মী। বুথলৈ যোৱাৰ সময়তে গুলীচালনা কৰাৰ অভিযোগ। আহত দুয়োজন বৰ্তমান মুৰ্ছিদাবাদ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন।
