গোলাঘাটত চাঞ্চল্যকৰ ঘটনা, আৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ গাঞ্জা ব্যৱসায়ীৰ


 

নিশা গোলাঘাটৰ ৰাইদিঙীয়াত চাঞ্চল্যকৰ ঘটনা। ভাং বেপাৰীয়ে কুঠাৰেৰে আক্ৰমণ আৰক্ষীৰ এটা দলক। কুঠাৰৰে লগতে লাখুটি, বাচন–বৰ্তনৰে আক্ৰমণ আৰক্ষীক। গোপন সুত্ৰৰ পম খেদি কমাৰবন্ধা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া চয়নিকা বৰকটকীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ৰাইদিঙীয়াৰ প্ৰতাপ শইকীয়াৰ ঘৰত ভাং বিচাৰি অভিযান চলাওঁতে প্ৰথমে প্ৰতাপ শইকীয়াৰ পত্নীয়ে আৰক্ষীৰ দলটোক আক্ৰমণ কৰি ভাৰপ্ৰাপ্ত বিষয়া চয়নিকা বৰকটকীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ পাছত প্ৰতাপ শইকীয়াই এখন কুঠাৰেৰে আক্ৰমণ কৰে আৰক্ষীৰ ওপৰত।

যাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে আৰক্ষীৰ দলটোৰ। ইফালে এই ঘটনাৰ ফলত কম–বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে ভাৰপ্ৰাপ্ত বিষয়া চয়নিকা বৰকটকী। ঘটনা সন্দৰ্ভত প্ৰতাপ শইকীয়া আৰু আন এজন সুৰা বেপাৰী উপেন শইকীয়াক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীক আক্ৰমণৰ এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে এতিয়া গোলাঘাটত।

Post a Comment

Previous Post Next Post