কেদাৰনাথ মন্দিৰৰ দৰে শক্তিপীঠ কামাখ্যাতো নিষিদ্ধ হ'ব নেকি কেমেৰা, মোবাইল ফোন আদি?


 

মন্দিৰ প্ৰাংগণত মোবাইল ফোন বা কেমেৰা নিয়াত হয়তো এতিয়াৰে পৰা নিষেধাজ্ঞা হ’ব পাৰে। শেহতীয়াকৈ কেদাৰনাথ মন্দিৰত কেমেৰা, মোবাইল ফোন আদি নিষিদ্ধ কৰাৰ পিছত এইবাৰ শক্তিপীঠ কামাখ্যাতো কেমেৰা, মোবাইল ফোন আদি নিষিদ্ধ হোৱাৰ সম্ভাৱনা আছে।

শেহতীয়াকৈ কামাখ্যা মন্দিৰৰ এজন পাণ্ডাৰে সৈতে মন্দিৰলৈ অহা এদল যুৱক–যুৱতীৰ কিছু মনোমালিন্য হোৱাৰ ভিডিঅ’ ভাইৰেল হৈছিল। এই ভাইৰেল ভিডিঅ’ৰ ফলতেই মন্দিৰ কৰ্তৃপক্ষই এই বিশেষ সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখ্য যে, ৪ জুলাইত কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে অহা এগৰাকী যুৱতীয়ে ইনষ্টাগ্ৰাম একাউন্টত এক ভিডিঅ’ আপলোড কৰিছিল। ভিডিঅ’টোত মন্দিৰৰ এগৰাকী পাণ্ডাই পূজাৰ বিনিময়ত ধন দাবী কৰাৰ অভিযোগ তুলিছিল। সেই ভিডিঅ’টোৱে সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

ভিডিঅ’টোৰ সংক্ৰান্তত পৰৱৰ্তী সময়ত সেই পাণ্ডাগৰাকীয়ে খণ্ডন সকলো অভিযোগ কৰিছিল। তেওঁ কৈছিল যে, পূজা কৰি দিয়াৰ বিনিময়ত নিজৰ প্ৰাপ্য দক্ষিণা বিচাৰিছিল পাণ্ডাগৰাকীয়ে।এই ভিডিঅ’টোৰ পাছতেই একপ্ৰকাৰ কঠোৰ হোৱাৰ পথত দেৱালয় কৰ্তৃপক্ষ। অতি শীঘ্ৰেই এক বিশেষ সিদ্ধান্তত উপনীত হ’ব দেৱালয় কর্তৃপক্ষ। এই সিদ্ধান্ত অনুসৰি মন্দিৰ চৌহদত কেমেৰা, মোবাইল ফোন নিষিদ্ধ হোৱাৰ সম্ভাৱনা প্ৰকট।

Post a Comment

Previous Post Next Post